Advertisment

নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি?

পঞ্চভূতত বিলীন ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা নামৰ মহীৰূহগৰাকীৰ। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি।

 নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি?

কিয় দাঢ়ি কটা নাছিল নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীয়ে?

গুৱাহাটী, ০৮ নৱেম্বৰঃ ২০২৫ চনতো যেন অসমৰ বাবে অভিশাপ স্বৰূপ। অভিশপ্ত এই চনতোতেই ঘটিছে অসমক নিথৰুৱা কৰাৰ ঘটনা। হিয়াৰ আমঠু জুবিন গাৰ্গ গ'লগৈ। জুবিন গাৰ্গৰ পিছতে অসমৰ সাংস্কৃতিক জগতৰ এটাৰ পিছত আন এটা নক্ষত্ৰ সৰি পৰিছে। জুবিন গাৰ্গ যোৱাৰ বাটেৰেই গুচি গ'ল অনাতাঁৰ শিল্পী ছৈয়দ ছাদুল্লা, বাঁহীবাদক দীপক শৰ্মা আৰু এতিয়া নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালী। 

Advertisment

ALSO READ: গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন

অৱশেষত পঞ্চভূতত বিলীন হৈ পৰিল নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল নাগাৰা নামৰ মহীৰূহগৰাকীক। অশ্ৰসিক্ত নয়নেৰে শেষ বিদায় জনালে সহস্ৰজনে। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি। 

ALSO READ: অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ

কিন্তু কিয় দাঢ়ি কটা নাছিল নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীয়ে? অসম আন্দোলনৰ সময়ত নাগাৰা নাম পৰিৱেশন কৰি ফুৰা তেতিয়াৰ ডেকা ল'ৰাজন আজি সকলোৰে পৰিচিত। নাগাৰা নামৰ ক্ষেত্ৰখনৰ আজি তেওঁ সূৰ্য ৰূপেও পৰিচিত। এইগৰাকী মহান শিল্পীয়ে দীৰ্ঘ বছৰে কটা নাছিল দাঢ়ি। অসম আন্দোলনৰ ভৰপক সময়তে তেওঁ দাঢ়ি নকটাৰ এক প্ৰতিজ্ঞা কৰিছিল।

ALSO READ: CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল

অসম আন্দোলনৰ ভৰপক সময়ত ৰাজ্যখনৰ পৰিৱেশ আছিল অকল্পনীয়। বিদেশী বিতাড়নৰ বাবে ওলাই আহিছিল সকলো খিলঞ্জীয়া। শিল্পী কলা-কুশলীসকলেও এই আন্দোলনত সহযোগ কৰিছিল। শিল্পীসকলৰ মাজৰে অন্যতম আছিল নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীও। এই বৰেণ্য শিল্পীগৰাকীয়ে কেৱল মাত্ৰ এটা নাম পৰিৱেশন কৰাৰ বাবেই যাবলগীয়া হৈছিল জে'ললৈ। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক লৈ ১৯৮৫ চনত এটি নাম ৰচনা কৰি পৰিৱেশন কৰিছিল ৰামচৰণ ভৰালীয়ে। সেই নাম গোৱাৰ পিছৰে পৰা অসমবাসীৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল ৰামচৰণ ভৰালী। তেওঁৰ সেই নাগাৰা নামটো জনপ্ৰিয় হোৱাই কাল হৈছিল পৰৱৰ্তী সময়ত। অৱশেষত তেওঁ জে'ললৈও যাবলগীয়া হ'ল। জে'লৰ পৰা ওলাই আহিয়েই প্ৰতিজ্ঞা কৰিছিল, 'মই আৰু কেতিয়াও দাঢ়ি নাকাটো'। নাগাৰা নামৰ পিতামহগৰাকীয়ে জীৱনত দাঢ়ি নকটাৰ প্ৰতিজ্ঞা কৰাৰ কথা জনাইছিল নাগাৰা নামৰ শিল্পী চণ্ডী পাটোৱাৰীক। শিল্পী চণ্ডী পাটোৱাৰীয়ে ৰামচৰণ ভৰালীৰ মৃত্যুৰ পিছত তেওঁ কৰা সেই প্ৰতিজ্ঞাৰ বিষয়ে শেহতীয়াকৈ উল্লেখ কৰিছে। 

Advertisment
Advertisment