Advertisment

'উপযুক্ত সন্মান অবিহনে মিত্ৰতা অসম্ভৱ, মই স্বাভিমানক বিশ্বাস কৰো'-অখিল গগৈ

'গৌৰৱ গগৈৰ ওচৰত যদি লুৰীণজ্যোতি শিৰণত হৈছে সেয়া নাজানো। কিন্তু অখিল গগৈ কেতিয়াও কাৰো ওচৰত শিৰণত নহয়। মই জাতীয়তাবাদক বিশ্বাস কৰো, স্বাভিমানক বিশ্বাস কৰো।

 File Photo
File Photo

'উপযুক্ত সন্মান অবিহনে মিত্ৰতা অসম্ভৱ, মই স্বাভিমানক বিশ্বাস কৰো'-অখিল গগৈ
 

Advertisment

'গৌৰৱ গগৈৰ ওচৰত যদি লুৰীণজ্যোতি শিৰণত হৈছে সেয়া নাজানো। কিন্তু অখিল গগৈ কেতিয়াও কাৰো ওচৰত শিৰণত নহয়। মই জাতীয়তাবাদক বিশ্বাস কৰো, স্বাভিমানক বিশ্বাস কৰো। উপযুক্ত সন্মান অবিহনে কংগ্ৰেছৰে মিত্ৰতা অসম্ভৱ' বুলি মন্তব্য অখিল গগৈৰ।

Read More- 'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

ৰাইজৰ দল- কংগ্ৰেছৰ মিত্ৰতা ভংগ! উপযুক্ত সন্মান অবিহনে কংগ্ৰেছৰে মিত্ৰতা অসম্ভৱ বুলি মন্তব্য অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, 'কংগ্ৰেছৰ পাছে পাছে ঘুৰি একো লাভ নাই। কংগ্ৰেছৰ পাছে পাছে ঘুৰিলে অসমীয়া জাতিৰ কি উন্নতি হ'ব? আনহাতে কংগ্ৰেছৰে মিত্ৰতা ভংগ বুলি কৈ গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধেও সৰৱ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। 

Advertisment

Read More- ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ কেইবাটাও বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে আজি পুনৰ কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কয়, মোৰেই দুৰ্ভাগ্য যে যিসময়ত কংগ্ৰেছ দলে মিত্ৰতাৰ কথা একেবাৰেই ভবা নাছিল, মিত্ৰতাৰ কথা কলেই আমাক আওকান কৰিছিল সেই সময়ত জাতীয়তাবাদী বুলি কোৱা লুৰীণজ্যোতি গগৈহতে কিন্তু এবাৰো মিত্ৰতাৰ বাবে কংগ্ৰেছক হেঁচা দিয়া নাছিল। নিজকে বামপন্থী বুলি কোৱা লোকসকলেও কংগ্ৰেছক মিত্ৰতাৰ বাবে হেঁচা দিব পৰা নাছিল। কিন্তু সেই সময়ত কেৱল মাত্ৰ মিত্ৰতাৰ বাবে মই কংগ্ৰেছক হেঁচা দিছিলো। 

Read More- ধন উপাৰ্জনত বিজেপিৰ অভিলেখ! ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা

Advertisment

লগতে অখিল গগৈয়ে কয়, কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী দল। কংগ্ৰেছৰ পাছে পাছে ঘুৰি আমাৰ একো লাভ নাই। কংগ্ৰেছৰ পাছে পাছে ঘুৰিলে অসমীয়া জাতিৰ কি উন্নতি হ'ব? কংগ্ৰেছৰ পৰিৱৰ্তে আমি শ্ৰমজীৱি, জাতীয়তাবাদী লোকসকল একলগ হ'ব লাগে। আৰু মই স্পষ্টকৈ এটা কথা কব বিচাৰিছো যে ৰাইজৰ দলৰ অখিল গগৈ অগপৰ সভাপতি অতুল বৰাৰ দৰে নহয়। মই খোলাখুলিকৈ কৈছো- কোনেও মোক অগপৰ সভাপতি অতুল বৰা বুলি ভুল নুবুজিব।  

Read More- ধৰা পৰিল হিমন্ত-আজমলৰ গোপন মিতিৰালি, সৰৱ সাংসদ ৰকিবুল হুছেইন

লগতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈকো সমালোচনা বিধায়ক অখিল গগৈৰ। লুৰীণজ্যোতি গগৈক সমালোচনা কৰি অখিল গগৈয়ে কয়, 'গৌৰৱ গগৈৰ ওচৰত যদি লুৰীণজ্যোতি গগৈয়ে শিৰণত কৰিছে সেয়া মই নাজানো। কিন্তু মই অখিল গগৈ হয়। অখিল গগৈয়ে কেতিয়াও দিল্লীৰ ওচৰত শিৰণত নহয়। মই জাতীয়তাবাদক বিশ্বাস কৰো, মই স্বাভিমানক বিশ্বাস কৰো। মই অসমীয়া জাতিক সত্বাৰ ওপৰত বিশ্বাস কৰো। মই কোনো ৰাষ্ট্ৰীয় পাৰ্টীৰ ওপৰত বিশ্বাস নকৰো। এই কথা সকলোৱে মনত ৰখা উচিত। আৰু যদি কংগ্ৰেছ দলে আমাক উপযুক্ত সন্মান নিদিয়ে তেনেহলে কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতা অসম্ভৱ।

Advertisment
Advertisment