Assameseঅসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়ঃ ৰফিকুল ইছলামপ্ৰবীণ ভাই টোগাড়িয়াক উভতি ধৰিলে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। 'অসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়, শীঘ্ৰে গ্ৰেপ্তাৰ কৰক প্ৰবীণ ভাই টোগাড়িয়াক। দ্বিতীয়বাৰ অসমলৈ আহিলে বিপদ হ'ব টোগাড়িয়াৰ'।Estafur Rahman Feb 04, 2026 16:13 ISTপ্ৰবীণ ভাই টোগাড়িয়াক লৈ বিস্ফোৰণ জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ বিজেপি দলে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টাৰ্গেট কৰি লৈছে মিঞাক। স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত দিনকেইটাত সাংবাদিকৰ আগত 'মিঞা'ক লৈ স্পষ্টভাৱে কৈছে, 'মই অথবা বিজেপি থকালৈকে বাংলাদেশী মিঞাৰ শান্তি নাই। বাংলাদেশী মিঞাক কষ্ট দিলেহে অসম এৰি গুচি যাব'। অসমৰ মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনীতি গৰম হৈ উঠিছে।বিৰোধীয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কৈছে, 'কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে'। 'উন্নয়নৰ কথাৰ পৰিৱৰ্তে অসমখনক বিশৃংখল কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে'। ৰাজ্যত এনেবোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে অসমত এন্ট্ৰী হিন্দুত্ববাদী নেতা তথা বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বৰ্তমানৰ অধ্যক্ষ প্ৰবীণ ভাই টোগাড়িয়াৰ। AdvertismentAlso read: মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!মূলত বিজেপিৰ হৈ ৰাজ্যৰ কেইবাখনো জিলাত প্ৰবীণ ভাই টোগাড়িয়াই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মিঞা বিৰুদ্ধে গৰজি উঠিছে। প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৰা মন্তব্যক ভূয়সী প্ৰসংশা টোগাড়িয়াৰ। তাৰপাছতেই বাংলাদেশী মিঞাক লৈ বহু কেতবোৰ বিস্ফোৰক মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে। মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ টোগাড়িয়াই কয়, 'বাংলাদেশী মিঞামুক্ত অসম গঢ়াৰ আমাৰ সংকল্প লওক, বাংলাদেশী মিঞাৰ ৰেচন কাৰ্ড কৰ্তন কৰক। বাংলাদেশী মিঞাৰ DNA পৰীক্ষা কৰি এটা এটা মিঞাক চিনাক্ত কৰক বুলি মন্তব্য কট্টৰ হিন্দুত্ববাদী নেতাগৰাকীৰ।also read: পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰাপ্ৰবীণ ভাই টোগাড়িয়াৰ এনে মন্তব্যৰ পিছতেই অসমৰ ৰাজনীতি আৰু অধিক গৰম হৈ পৰিছে। প্ৰবীণ ভাই টোগাড়িয়াৰ এনে উচটনিমূলক মন্তব্যক লৈ এইবাৰ সৰৱ হোৱা দেখা গ'ল AIUDFৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম। টোগাড়িয়াক সমালোচনা কৰি ৰফিকুল ইছলামে কয়, 'তেওঁক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। দ্বিতীয়বাৰ অসমলৈ আহিলে টোগাড়িয়াৰ বিপদ হ'ব। অসমখন প্ৰবীণ ভাই টোগাড়ীয়াৰ পৈতৃক সম্পত্তি নহয়। ভাৰতত যিমান টোগাড়িয়াৰ অধিকাৰ আছে, মিঞাৰো সিমানেই অধিকাৰ আছে'।AdvertismentAdvertisment Read the Next Article