Advertisment

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী । মানকাচৰৰ কুকুৰমাৰা ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা । গুলীচালনাত আহত হয় এটা চোৰাং গৰু সৰবাহকাৰী ।

 এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী

মানকাচৰৰ কুকুৰমাৰা ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীচালনা। গুলীচালনাত আহত হয় এটা গৰু চোৰাং সৰবাহকাৰী। লগতে সৰবৰাহকাৰীৰ পৰা সীমান্ত বাহিনীয়ে উদ্ধাৰ কৰে দুটাকৈ চোৰাং গৰু। সীমান্ত বাহিনীৰ গুলীচালনাত আহত চোৰাং সৰবৰাহকাৰীটো হৈছে মানকাচৰ থানাৰ অন্তৰ্গত কুকুৰ মাৰা দ্বিতীয় খণ্ড গাঁৱৰ শাহেৰ আলী (২৬) । সম্প্ৰতি আহত চোৰাং সৰবৰাহকাৰীটো হাটশিঙিমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইতিমধ্য়ে ঘটনাস্থলিত BSF ৰ লগতে আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ গুলীত আহত চোৰাং গৰু সৰবাহকাৰীটোৰ পৰা দুটাকৈ চোৰাং পশুধনৰ লগতে কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনীয়ে। 

Advertisment

ALSO READ...''মিঞা খেদক দেশ বচাওঁক'' উজনি অসমত ‘মিঞা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন

ৰাজ্য়ত এতিয়াও অব্যাহত আছে গৰু সৰবৰাহ। সীমান্ত বাহিনীৰ কটকটীয়া নিৰাপত্তা থকা সত্বেও একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে নিশা ঘন কুঁৱলীৰ সুবিধা লৈ চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে গৰু। খবৰ অনুসৰি পুৱতি নিশা প্ৰায় ৪ মান বজাত সীমান্তৰে চোৰাং গৰু চুবুৰীয়া দেশ বাংলাদেশলৈ পাৰ কৰিবলৈ লওঁতেই সীমান্ত বাহিনীৰ চকুত পৰে । আৰু সীমান্ত আৰক্ষীয়ে গুলী চালনা কৰে । সীমান্ত বাহিনীৰ গুলীচলানাত গুৰুতৰ ভাৱে আহত হয় শাহেৰ আলী। উল্লেখ্যে যে ধৃত শাহেৰ আলীৰ ভাতৃ সীমান্তৰে চোৰাং গৰু বাংলাদেশত পাৰ কৰিবলৈ লওঁতেই সীমান্ত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল।  

Advertisment
Advertisment