Assamese কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল হাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।
Assamese ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য! প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
Assamese মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে 'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ প্ৰতিবাদ। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ।
Assamese 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি!
Assamese চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি শিলচৰ চহৰত মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি। খুঁটাত বান্ধি, চুলি কাটি, চূণ সানি নিৰ্মম অত্যাচাৰ। শিলচৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
Assamese মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ ডিব্ৰুগড় লোহাৰপট্টিত অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ।
Assamese স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।
Assamese দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
Assamese বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
Assamese জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ জাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷