Assamese ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।
Assamese আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে? বনভোজক লৈ আহি গ'ল প্ৰশাসনৰ SOP! কেইবাটাও নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যেই বনভোজক লৈ SOP জাৰি কৰিছে। পিছে বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত আছে কি কি নিৰ্দেশনা?
Assamese বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা বহু বিবাহ এটা বেমাৰ, এটা ব্যাধি। অসমৰ মহিলাসকলক বহু বিবাহৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব অসমৰ নাৰীসমাজ।
Assamese আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক আৰক্ষীৰ মূলমন্ত্ৰ- জনহিত, জনসেৱাৰ্থে। কিন্তু আৰক্ষীৰ এই মূলমন্ত্ৰ ধোঁৱাচাঙত তুলিলে এগৰাকী আৰক্ষী বিষয়াই। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰীৰ নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স।
Assamese 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ ‘আমাৰ ঘৰবোৰ ভাঙি দিলে, সৰু সৰু ল’ৰা-ছোৱালী লগত লৈ গছৰ তলতে আছো। এতিয়া আমি ক’লৈ যাম। চৰকাৰে ঘৰ দিছে, ৰেচন কাৰ্ড আছে আমাৰ।’ কামপুৰৰ লুটুমাৰীত উচ্ছেদিতৰ কান্দোন।
Assamese ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰ ‘আমি বিখ্যাত যাদুকৰী মায়ঙৰ পৰা প্ৰশিক্ষিত’। বেনাৰ–পোষ্টাৰ লগাই ভণ্ড কবিৰাজে কৰিলে কাণ্ড। এখন হাতত মানুহৰ লাওখোলা, আনখন হাতত এপাত চেণ্ডেল লৈ ছালমান কবিৰাজে আৰম্ভ কৰিছে তন্ত্ৰ–মন্ত্ৰ। সকলোধৰণৰ সমস্যা ৭২ ঘণ্টাৰ ভিতৰত সমাধান হয় বুলিও দিলে গ্যেৰাণ্টী।
Assamese ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল... কাক ST(P), ST(H), ST(V) দিয়াৰ প্ৰস্তাৱ? বিধানসভাত দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। ST(P), ST(H)ৰ পিছত ST(Valley) নতুনকৈ সংযোজন। আহোম, চুতীয়া, চাহ জনগোষ্ঠীক ST(Valley)ত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ।
Assamese জনজাতিকৰণৰ বিৰোধিতাৰে BTCৰ সচিবালয়ৰ ভিতৰত ধ্বংসলীলা জনজাতিকৰণৰ বিৰোধিতাৰে কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি। BTCৰ সচিবালয়ৰ ভিতৰত শ শ প্ৰতিবাদী শিক্ষাৰ্থীয়ে চলালে ধ্বংসলীলা। সচিবালয়ৰ ভিতৰৰ টেবুল–চকী, আচবাব ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে।
Assamese নলবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ শেষৰজন অভিযুক্ত আৰক্ষীৰ জালত ২৯ আগষ্টৰ নিশা নলবাৰীৰ মোহখলী গাওঁত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনা । ঘৰৰ ভিতৰতে এজন ব্যক্তিক নিৰ্দয়ভাৱে হত্যা কৰিছিল ৪ জনীয়া এটা ডকাইতৰ দলে। ৰাজ্য কঁপাই যোৱা এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত কল্পজ্যোতি ডেকা অৱশেষত আৰক্ষীৰ জালত।
Assamese মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন ছৈয়দ মুস্তাক আলী ট্ৰফীত প্ৰথমটো জয় অসমৰ। পেচ তাৰকা মুখতাৰ হুছেইনৰ বিধ্বংসী বলিঙত দিশহাৰা ছত্তীশগড়। মুখতাৰ হুছেইনৰ বলিং বিক্ৰমত অসমৰ হাতত ৪৮ ৰানত পৰাস্ত ছত্তীশগড়।