Assamese মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ ডিব্ৰুগড় লোহাৰপট্টিত অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ।
Assamese স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।
Assamese দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
Assamese বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
Assamese জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ জাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷
Assamese মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান উজনিৰ পিছত এইবাৰ নামনিত মিঞা খেদা অভিযান। বিল্ডিঙে বিল্ডিঙে মিঞা শ্ৰমিকৰ সন্ধানত ব্যাপক অভিযান। নলবাৰীত মিঞা শ্ৰমিকক শেষ সকীয়নি বজৰং দলৰ। নলবাৰী এৰিবলৈ মিঞা শ্ৰমিকক সময়সীমাও বান্ধি দিলে বজৰংগ দলে।
Assamese জৰুৰী সময়তো এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চ সেৱা জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চৰ সেৱা। সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধি, বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাত দুৰ্ভোগ ভূগিছে লাখ লাখ লোকে।
Assamese প্ৰথমে দুই বন্ধুৰ মাজত কাজিয়া, তাৰ পাছতেই গুলীচালনা খাৰুপেটীয়াত ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধুৰ মাজত লগা কাজিয়াৰ মাজতে এজনৰ আনজনলৈ গুলীবৰ্ষন ৷ গুলীবৰ্ষনত বুকুত গুলী লাগি চিকিত্সাধীন মুন্না সাহা নামৰ এজন।
Assamese জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ চৰকাৰী ঘৰৰ জিঅ’ টেগিঙৰ নামত প্ৰকৃততে চলিছে কি? গোহালি, গৰালকে কেঁচাঘৰ বুলি দেখুৱাই সুবিধা ল’ব বিচাৰিছে একাংশই। অনিয়মত লিপ্ত জীৱিকা সখী, পঞ্চায়তৰ সভাপতি-সচিবক সাৱধানবাণী মন্ত্ৰীৰ।
Assamese CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত CRPFৰ উদ্ভণ্ডালি! CRPFৰ উদ্ভণ্ডালিক লৈ নিশা উত্তপ্ত পৰিস্থিতি। নাকা চেকিঙৰ নামত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি সন্ত্ৰাস চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে।