Assamese সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি ভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। নাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।
Assamese প্ৰথমে ৪-৫টা বিস্ফোৰণৰ শব্দ তাৰ পাছতেই...। কি ক'লে বিমান দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। ভয়ংকৰ এই দুৰ্ঘটনাত অজিত পাৱাৰসহ ৫জনৰ মৃত্যু।
Assamese ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে। কাৰণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব লাখ লাখ মিঞা মুছলমানৰ নাম। মুখ্যমন্ত্ৰীৰ হিচাপ মতে অসমত ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট।
Assamese ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট অৱশেষত হাইঠা মাটিত পৰিল। ICCৰ ধমকৰ পাছতেই সুৰ সলনি হ'ল পাকিস্তানৰ। বিশ্বকাপ বৰ্জনৰ হুংকাৰ দিয়া পাকিস্তানে এতিয়া ঘোষণা কৰিলে বিশ্বকাপৰ বাবে পাকিস্তান দল। কিন্তু পাকিস্তানক বিশ্বাস কৰি ডুবিল বাংলাদেশ ক্ৰিকেট।
Assamese প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়ম HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ডাঙৰ খবৰ। কাৰণ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই লোৱা হৈছে এই বিশেষ সিদ্ধান্ত।
Assamese বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC! টি-২০ বিশ্বকাপক লৈ বিতৰ্ক অব্যাহত আছে। প্ৰথমে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ ক্ৰিকেট দলক বাদ দিয়া আৰু এতিয়া ১০০ৰো অধিক বাংলাদেশী সাংবাদিকৰ স্বীকৃতিৰ আৱেদন নাকচ কৰি iccএ পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
Assamese শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ! দোকানত দ'মে দ'মে উদ্ধাৰ হ'ল শিশুৰ বাবে আৱণ্টিত বিস্কুট। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে শিশুৰ চৰকাৰী খাদ্য বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ। দোকানৰ পৰা শিশুৰ বাবে আৱণ্টিত বিস্কুট জব্দ কৰিলে ৰাইজে।
Assamese SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ SRক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। SR প্ৰক্ৰিয়াৰ জৰিয়তে এইবাৰ জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। কঁচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে গাঁৱখনৰ ১৪২ বাসিন্দাৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মান্দাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া।
Assamese পৰিভ্ৰমী চৰাই নিধন মাজুলীত পৰিভ্ৰমী চৰাই নিধনৰ সন্দেহত মহিলাসহ ১৭গৰাকীক আটক কৰে আৰক্ষীয়ে। মাজুলীৰ বিভিন্ন জলাশয়ত মাৰাত্মক ফুৰাদনৰ দৰে বিহ প্ৰয়োগ কৰি পক্ষী নিধন কৰাসকলক ধৰিলে বনগাঁও আৰক্ষীয়ে।
Assamese আজি বাথৌ পূজা আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়।