Assamese ৰাজ্যত এতিয়া প্ৰৱঞ্চকৰ লুটপাত! সাৱধান হওক! ৰাজ্যত এতিয়া প্ৰৱঞ্চকৰ লুটপাত। ঘৰত অকলে থকাৰ সুযোগ লৈ ঠগ- প্ৰবঞ্চকে চলাহী কথাৰে লুটি নিব পাৰে সাঁচতীয়া ধন অথবা আ অলংকাৰ । শেহতীয়াকৈ দুই প্ৰৱঞ্চকে ৰঙিয়াৰ এগৰাকী মহিলাৰ পৰা লুটি নিলে নগদ ধনৰ লগতে আ-অলংকাৰ।
Assamese মধ্য অসমত পুৱাই আৰম্ভ হ’ল সৰ্ববৃহত্ উচ্ছেদ অভিযান চৰকাৰী ভূমি দখল কৰা বেদখলকাৰীৰ নিস্তাৰ নাই। মধ্য অসমত পুৱাই আৰম্ভ হ’ল সৰ্ববৃহত্ উচ্ছেদ। বুলড’জাৰেৰে এফালৰ পৰা ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ। ঘৰ ভঙাৰ পাছতেই উচ্ছেদিতৰ মাজত হাহাকাৰ।
Assamese ‘প্ৰতিদিনে ৩০ৰ পৰা ৫০ জনকৈ লোকে অৱৈধ ভাৱে প্ৰৱেশ কৰে অসমত’- মুখ্যমন্ত্ৰী ‘প্ৰতিদিনে ৩০ৰ পৰা ৫০ জনকৈ লোকে অৱৈধ ভাৱে প্ৰৱেশ কৰে অসমত’। ‘খেদি দিলেই সমস্যা শেষ নহয়’। ‘ভিতৰৰ পৰা কোনো শক্তিয়ে সহায় কৰে এইসকল লোকক’। অৱৈধ প্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।
Assamese ই-ৰিক্সাৰ খুন্দাত ছুলতানা ৰেজিয়াৰ কৰুণ মৃত্যু ই-ৰিক্সাৰ খুন্দাত চিৰদিনৰ বাবে হেৰাই নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰী গৰাকীৰ নাম ছুলতানা ৰেজিয়া। ছুলতানা ৰেজিয়াৰ মৃত্য়ুত গোৱালপাৰাৰ জলেশ্বৰত শোকৰ ছাঁ ।
Assamese ডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক নিলম্বিত বিধায়কক লৈ অদ্ভুত যুক্তি মন্ত্ৰী বিমল বৰাৰ। অখিল গগৈক অধ্যক্ষই নিলম্বন কৰাৰ লগে লগে বিধানসভাত মন্ত্ৰী বিমল বৰাই আনিলে এটা বিশেষ প্ৰস্তাৱ। বিমল বৰাৰ মতে কেৱল নিলম্বনেই নহয় ডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক।
Assamese বিধানসভাৰ মজিয়াত হত্যাৰ প্ৰসংগ! বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ ব্যক্তিগত পৰ্যায়ত বাক যুদ্ধ। অখিল গগৈক হত্যাকাৰী আখ্যা মুখ্যমন্ত্ৰীৰ। সদনত শুনিবলৈ পোৱা গ'ল অখিল গগৈ মূর্দাবাদ ধ্বনি।
Assamese হাইদৰ আলীৰ বাবেই তামুলপুৰৰ এখন হাইস্কুলত উত্তপ্ত পৰিস্থিতি লম্পট শিক্ষক হাইদৰ আলীৰ কু-কাণ্ড। তামুলপুৰৰ এখন হাইস্কুলত হাইদৰ আলীৰ কু-কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। শ শ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে এপিজি আব্দুল কালাম বিদ্যালয়।
Assamese GSTৰ বাহিৰেও অসমৰ মানুহে আৰু কি টেক্স দিয়ে? GSTৰ বাহিৰেও অসমৰ মানুহে আৰু এটা টেক্স দিব লাগে, সেয়া হৈছে মামী টেক্স। অসমৰ ইতিহাসত আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্য়মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমত মামীক চান্দা নিদিয়াকৈ কোনোধৰণৰ কাম নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰণ।
Assamese ৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰ টকেশ্বৰ ৰাভাৰ বাবেই পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে! ১ কঠা ৫ লেচাকৈ ভূমি এটা পৰিয়ালক প্ৰদান কৰাতকৈ মাৰি পেলাবলৈ আহ্বান জনাইছে ৰাভা হাছংবাসীয়ে।
Assamese মগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা অনা-শিক্ষক কৰ্মচাৰীৰ। চিলাপথাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অচল বিদ্যালয়। প্রাদেশিকৃত বিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কর্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা দাবী প্ৰতিবাদী শিক্ষকৰ।