" বড়োলেণ্ড টেৰিট"ৰিয়েল কাউন্সিল নিৰ্বাচনৰ আজি ভোটগণনা। বিটিচিত কোনে উৰুৱাব বিজয়ধ্বজা ?Advertisment বড়োলেণ্ড টেৰিট"ৰিয়েল কাউন্সিলনিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা। ৩১৬ প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল ভোটাৰে।এইবাৰ বিটিচি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.৪২%। বাক্সাত ৭৬.৯২ %, চিৰাং ৮০.১১%, কোকৰাঝাৰ ৮২.২৭%। তামুলপুৰত ৭৫.০৯%, ওদালগুৰিত ৭৫.১৭ % হৈছিল ভোটদান। ওদালগুৰি জিলাৰ ১০ সমষ্টিৰ ১০টা কাউন্টিং হলত ভোটগণনা কৰা হব। ৯৪খন টেবুলত হ"ব ওদালগুৰিৰ ১০ সমষ্টিৰ ভোটগণনা। ১০ৰ পৰা ১২ ৰাউণ্ডত হ"ব ওদালগুৰিৰ প্ৰতিটো সমষ্টিৰ ভোটগণনা। চিৰাং জিলাৰ ৭ সমষ্টিৰ ভোটগণনা হৈছে কাজলগাঁও আৰু বিজনীত। কাজলগাঁৱত কাজলগাঁও, চিৰাং দুৱাৰ আৰু চিৰাং পৰিষদীয় সমষ্টিৰ ভোটগণনা। বিজনীত মানস ছেৰফাং, নিচিমা, সোবাইঝাৰ, ঠুৰিবাৰী সমষ্টিৰ ভোটগণনা। তামুলপুৰ জিলাত দৰঙাজুলি, নাগ্ৰীজুলি, ছুক্লাই ছেৰফাং, গোৰেশ্বৰ সমষ্টিৰ ভোটগণনা তামুলপুৰত ২৮ টেবুলত ৭ ৰাউণ্ডত সম্পন্ন হ"ব ভোটগণনা। কোকৰাঝাৰ জিলাৰ ১২ পৰিষদ সমষ্টিৰ ৩ স্থানত ভোটগণনা হব।পৰ্বতঝোৰা মহকুমাত পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ চলিব ভোটগণনা। গোসাঁইগাঁৱত শ্ৰীৰামপুৰ, গুমা, যমদুৱাৰ, চৰাইবিল, আৰু কোকৰাঝাৰত দোতমা, ফকিৰাগ্ৰাম, বনৰগাঁও, দেবৰগাঁও, বাওখুংগ্ৰী, চালাকাটিটো ভোটগণনাল চলি আছে। ইতিমধ্যে ননৈ ছেৰফাং সমষ্টিত সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা। প্ৰথম ৰাউণ্ডত UPPLৰ মৰিয়ম তপোৱে ৪৪২টা ভোট লাভ কৰিছে। BPFৰ প্ৰাৰ্থী পাউল তপোৱে লাভ কৰিছে ৬৭৮টা ভোট। BJP প্ৰাৰ্থী সঞ্জিত তাঁতীয়ে লাভ কৰিছে ১০৯২টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী ৰিতেন কৰ্মকাৰে ১৪০৯টা ভোট লাভ কৰিছে। TMCৰ প্ৰাৰ্থী বিজয় বৈশ্যই লাভ কৰিছে ১৫৪২টা ভোট। কচুগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডত BPFৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ ২৫৭৫টা ভোট লাভ। UPPL দলৰ প্ৰাৰ্থী উকিল মুছাহাৰীয়ে লাভ কৰিছে ২৩৩১টা ভোট। আগবাঢ়ি আছে BPFৰ প্ৰাৰ্থীগৰাকী। থুৰিবাৰীত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৯গৰাকী প্ৰাৰ্থীয়ে। BJP প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে লাভ কৰিছে ২৬৪৯টা ভোট। BPFৰ প্ৰাৰ্থী খলিলুৰ ৰহমানে লাভ কৰিছে ১৭৬৫টা ভোট। UPPLৰ প্ৰাৰ্থী ৰঞ্জু আহমেদে লাভ কৰিছে ১৭২৭টা ভোট। ১৯নং থুৰিবাৰী সমষ্টিত বিজেপিৰ অগ্ৰগতি। গোমা সমষ্টিত BJP প্ৰাৰ্থী সজল সিঙৰ ২২৪৯ ভোট সংগ্ৰহ। BPF দলৰ প্ৰাৰ্থী এনতাজ আলীয়ে লাভ কৰিছে ১৩৭৭টা ভোট। BPFতকৈ ৮৭২টা ভোট লাভ বিজেপি প্ৰাৰ্থীগৰাকীৰ। গোসাঁইগাঁৱৰ ৫ সমষ্টিত প্ৰথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন। প্ৰথম ৰাউণ্ডত ৩নং শ্ৰীৰামপুৰত BPFৰ মকলেছু ৰহমানৰ অগ্ৰগতি। ৪নং যমদুৱাৰত অগ্ৰগতি BPFৰ উইলিয়াম নাৰ্জাৰীৰ। ৫নং চৰাইবিলত UPPLৰ ৰাজু নাৰ্জাৰীৰ অগ্ৰগতি। ৬নং কচুগাঁৱত অগ্ৰগতি BPFৰ ৰবিৰাম নাৰ্জাৰীৰ।২নং গোমাত অগ্ৰগতি বিজেপি প্ৰাৰ্থীৰ বৰ্তমান ২৪খনকৈ আসনত বৃহৎ অগ্ৰগতি বিপিএফৰ। ইয়াৰ বিপৰীতে ৫ আসনত অগ্ৰগতি বিজেপিৰ। ৮ আসনত অগ্ৰগতি UPPLৰ।বিটিচি নিৰ্বাচনী ফলাফলত বৰ্তমানলৈকে কংগ্ৰেছ শূন্য। "