Advertisment

পুনৰ বিতৰ্কত জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ!

কেইবছৰমানৰ আগতে ‘বৰলোকেৰ বেটি’ গীতটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ। পুনৰ এবাৰ গায়কগৰাকীৰ নতুন এটা গীত ‘টোটিৰি’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

 Photograph: (the economic times)
Photograph: (the economic times)

পুনৰ বিতৰ্কত জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ!

কেইবছৰমানৰ আগতে ‘বৰলোকেৰ বেটি’ গীতটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল জনপ্ৰিয় ৰেপাৰ গায়ক বাদশ্বাহ। পুনৰ এবাৰ গায়কগৰাকীৰ নতুন এটা গীত ‘টোটিৰি’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

Advertisment

Also Read....দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?


দ্য ইকোনমিক টাইমছত প্ৰকাশ পোৱা খবৰ অনুসৰি, গীতটোৰ কথাত অশ্লীলতা আৰু মিউজিক ভিডিঅ’টোত স্কুলীয়া পৰিৱেশ দেখুওৱাৰ অভিযোগত বাদশ্বাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মধ্যমত ব্যাপক চৰ্চা চলিছে। চলিত মাহৰ ১ তাৰিখে মুক্তি লাভ কৰে হাৰিয়ানী ভাষাৰ ‘টোটিৰি’ শীৰ্ষক গীতটি। এই গীতটোৰ কিছু শাৰী অতি অশ্লীল আৰু নৱ-প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছে একাংশ অভিযোগকাৰীয়ে। বিশেষকৈ কিশোৰ-কিশোৰীসকলে এনে গীত শুনি বা ভিডিঅ’ চাই সহজেই প্ৰভাৱিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। অভিযোগকাৰীৰ মতে, জনপ্ৰিয় শিল্পীসকলে এনে বিষয়বস্তু সৃষ্টি কৰিব নালাগে যাৰ ফলত সমাজত নেতিবাচক প্ৰভাৱ পৰে।

কেৱল গীতটোৰ কথাই নহয়, মিউজিক ভিডিঅ’টোৰ ওপৰতো আপত্তি কৰা হৈছে। অভিযোগ অনুসৰি ভিডিঅ’টোৰ কিছু দৃশ্য স্কুলৰ পৰিৱেশত নিৰ্মাণ কৰা হৈছে আৰু তাত স্কুলৰ ইউনিফৰ্মৰ দৰে সাজ পৰিধান কৰা দেখা পোৱা গৈছে। সমালোচকসকলৰ মতে এনেবোৰ গীতত বিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠানৰ পৰিবেশ দেখুওৱাটো উচিত নহয়। কাৰণ ইয়াৰ ফলত শৈক্ষিক পৰিৱেশৰ মৰ্যাদাৰ ক্ষতি হ’ব পাৰে বুলিও দাবী কৰে অভিযোগকাৰী সকলে।

Advertisment

Also Read...CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাই

এনেবোৰ অভিযোগ সন্মুখত ৰাখি হাৰিয়ানা মহিলা আয়োগে বাদশ্বাহৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰিছে। অভিযোগত উল্লেখ আছে যে গীতটোৱে অশ্লীলতা বিয়পাইছে আৰু জনসমাজৰ বাবে এয়া আপত্তিজনক। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ ভিত্তিত কি ব্যৱস্থা লয় সেয়া সময়ত জানিব পৰা যাব।   

Advertisment
Advertisment