Advertisment

অপেক্ষাৰ অন্ত! ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী

আজিৰে পৰা আৰম্ভ হ'ল BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফী।  বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। সুদীৰ্ঘ ৭ আৰু ১৫ বছৰৰ অন্তত ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী। 

 Filephoto
Filephoto

অপেক্ষাৰ অন্ত!  ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী


আজিৰে পৰা আৰম্ভ হ'ল BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফী।  বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। সুদীৰ্ঘ ৭ আৰু ১৫ বছৰৰ অন্তত ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী। 

Advertisment

Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। ৰোহিত শৰ্মাৰ নেতৃত্বত বাৰ্বাডোজত টি-২০ বিশ্বকাপ আৰু ডুবাইত চেম্পিয়নছ ট্ৰফী জয়লাভ কৰিছিল টীম ইণ্ডিয়াই। বিগত ৯ মাহত দুটাকৈ ICCৰ ট্ৰফী আজুৰি অনাৰ পাছতো কিন্তু ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব পৰা অব্যাহতি দিছিল BCCIয়ে। তাৰ পাছতেই  একাংশই আকৌ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈও চৰ্চা কৰিছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ মাজতেই ২২ গজত নিজৰ প্ৰদৰ্শনেৰে সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছিল দুই তাৰকাই। প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আৰু তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শক্তিশালী প্ৰদৰ্শনেৰে সমালোচকৰ মুখ বন্ধ কৰিছিল ৰোহিত, বিৰাটে। তাৰ পাছতে আজিৰে পৰা আৰম্ভ হোৱা বিজয় হাজাৰে ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। বিজয় হাজাৰে ট্ৰফীত ৰোহিত শৰ্মাই মুম্বাইক প্ৰতিনিধিত্ব কৰাৰ লগতে বিৰাট কোহলীয়ে প্ৰতিনিধিত্ব কৰিব দিল্লীক। 

Read More- খং উঠিল যশপ্ৰীত বুমৰাহৰ, কাঢ়ি নিলে অনুৰাগীৰ ফোন

উল্লেখ্য যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক BCCIএ ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ কাৰণ আছিল দুয়োগৰাকী ক্ৰিকেটাৰে এতিয়া কেৱল এদিনীয়া ক্ৰিকেটহে খেলে। গতিকে মেচ ফিটনেছ বৰ্তাই ৰাখিবলৈ দুয়োগৰাকী তাৰকায়ে ঘৰুৱা ক্ৰিকেট খেলাটো প্ৰয়োজন। কাৰণ বৰ্তমান সময়ত সীমিত সংখ্যকহে এদিনীয়া ক্ৰিকেট অনুষ্ঠিত হয়। আৰু এই সীমিত সংখ্যক এদিনীয়া খেলি ২০২৭ চনৰ বিশ্বকাপলৈকে মেচ ফিটনেচ বৰ্তাই ৰখাটো দুই তাৰকা ক্ৰিকেটাৰৰ বাবে কঠিন হ'ব। 

Read More- IPL নিলামত কোটিপতি আকিব নবি দাৰ

আনহাতে এখন সংবাদমেলত টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কৈছিল যে, "এতিয়াৰে পৰা টীম ইণ্ডিয়াৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কৰা হ’ব। আমি খেলুৱৈসকলক স্পষ্টভাৱে কৈছো যে, যেতিয়া তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে তেতিয়া তেওঁলোকে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব। আৰু এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব। লগতে আগৰকাৰে লগতে কৈছিল যে বিজয় হাজাৰে ট্ৰফীৰ দৰে প্ৰতিযোগিতা এতিয়া ভাৰতীয় দললৈ নিৰ্বাচনৰ মূল মাপকাঠী হ’ব। অৰ্থাৎ এতিয়াৰে পৰা কেৱল নাম বা অভিজ্ঞতাই নহয়, শেহতীয়া অন-ফিল্ড প্ৰদৰ্শনেহে খেলুৱৈৰ স্থান নিৰ্ধাৰণ কৰিব"। বিচিচিআইয়ে স্পষ্ট কৰি দিছিল যে কোনো খেলুৱৈৰ নাম যিমানেই ডাঙৰ নহওক কিয়, ঘৰুৱা ক্ৰিকেটৰ পৰা আতৰি থাকিব নোৱাৰে।

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

BCCIৰ এই পৰামৰ্শৰ পাছতেই এতিয়া ঘৰুৱা ক্ৰিকেট খেলিবলৈ সাজু হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। আজিৰে পৰা আৰম্ভ হোৱা বিজয় হাজাৰে ট্ৰফীত অনুৰাগীয়ে দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই দলে ছিকিমৰ বিৰুদ্ধে প্ৰথমথন খেল খেলিব আনহাতে দিল্লীয়ে বেংগালুৰুত অন্ধ্রপ্ৰদেশৰ বিৰুদ্ধে খেলি বিজয় হাজাৰে ট্ৰফীত অভিযান আৰম্ভ কৰিব।

Read More- IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

উল্লেখ্য যে ৰোহিত শৰ্মাই এইপৰ্যন্ত বিজয় হাজাৰে ট্ৰফীত ১৮খন মেচত ৫৮১ ৰান সংগ্ৰহ কৰাৰ লগতে বিৰাট কোহলীয়ে ১৩ খন মেচত ৮১৯ ৰান সংগ্ৰহ কৰিছে। 

Advertisment
Advertisment