Assamese কাউণ্টডাউন আৰম্ভ, ১৪ ছেপ্টেম্বৰত সম্মুখসমৰত ভাৰত আৰু পাকিস্তান ছিয়া কাপ মানেই ভাৰত আৰু পাকিস্তানৰ মাজৰ মহাৰণ। বিশ্ব ক্ৰিকেটৰ কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই মহাৰণখনলৈ। এইবাৰ এছিয়া কাপ অনুষ্ঠিত হ'ব টি-২০ ফৰ্মেটত। ১৪ ছেপ্টেম্বৰত এছিয়া কাপৰ এখন হাইভল্টেজ খেলত মুখামুখি হ'ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান।
Assamese শ্ৰেয়াছ আয়াৰৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব ইণ্ডিয়াA আৰু অষ্ট্ৰেলিয়াAৰ মাজত অনুষ্ঠিত হ'ব বহুপ্ৰত্যাশিত দুখনকৈ চাৰিদিনীয়া মেচৰ শৃংখলা। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে।