Advertisment

গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা

যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে।

 গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা Photograph: (FILE IMAGE)
গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা Photograph: (FILE IMAGE)

গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা.....

গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা। চৰকাৰ, জি এম চিৰ বাবে যেন এক চূড়ান্ত প্ৰত্যাহবান। ইমান বছৰে বিজ্ঞানসন্মত ভাবে সমস্যাটো সমাধান কৰিব নোৱাৰাটো চৰকাৰ বাবে এক বৃহৎ ব্যৰ্থতা। চৰকাৰ প্ৰসাশন পূৰ্বতকৈ অধিক তৎপৰতাৰে কাম কৰিছে যদিও ব্যৰ্থতাৰ বাহিৰে একো পোৱা নাই। চৰকাৰ যেন নিৰুপায়। 

Advertisment

Also Read:ChatGPT ব্যৱহাৰ কৰে নেকি? ChatGPTত ভুলতো নকৰিব এই ৫টা প্ৰশ্ন!

এজাক বৰষুণতে বানত বুৰ যায় যোৰাবাট। বিঘ্নিত হৈ পৰে উজনি অসমৰে গুৱাহাটী মহানগৰীৰ যোগাযোগ। যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে।

Also Read:২৬ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব নিশ্চিত হ’ল এজন বিজেপি নেতাৰ

কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে।মেঘালয়ৰ সহযোগিতা অবিহনে যোৰাবাটৰ বান সমস্যা সমাধান সম্ভৱ নহয় বুলি  অসহায়তা প্ৰকাশ কৰিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

'মেঘালয়ে আমাক গোটেই কষ্টখিনি পানীত পেলাই দিয়ে। মেঘালয়ৰ সহযোগিতা অবিহনে যোৰাবাটৰ বান সমস্যা সমাধান সম্ভৱ নহয়। যোৰাবাটৰ বানৰ বাবেই উজনি অসমৰে বিচ্ছিন্ন হৈ পৰে গুৱাহাটীৰ যোগাযোগ'। এনেদৰেই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অসহায়তা প্ৰকাশ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। অর্থাৎ যেতিয়ালৈকে মেঘালয় চৰকাৰে বানপানী সমস্যাৰ সমাধানৰ বাবে হাত আগনবঢ়াই তেতিয়ালৈকে যোৰাবাটৰ বানপানীৰ সমস্যা সমাধান নহয় সেইয়া নিশ্চিত।

কৃত্ৰিম বানৰ বাবে প্ৰতি বছৰে মহানগৰীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত সাধাৰণ ৰাইজে নৰক যন্ত্ৰনা ভুগিব লগা হয়।