Assameseউদুলি-মুদুলি জোনবিলৰ পাৰ, ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনজোনবিল মেলাৰ আজি দ্বিতীয় দিন। জাগীৰোডৰ জোনবিলৰ পাৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। জোনবিলত সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ গৈ আনন্দ-উল্লাস প্ৰতিজনৰ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।Mrinmoy Talukdar Jan 23, 2026 19:44 ISTFile Photoউদুলি-মুদুলি জোনবিলৰ পাৰ, ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনজোনবিল মেলাৰ আজি দ্বিতীয় দিন। জাগীৰোডৰ জোনবিলৰ পাৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। জোনবিলত সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ গৈ আনন্দ-উল্লাস প্ৰতিজনৰ।AdvertismentRead More- শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰিজোনবিলৰ পাৰত চলিছে ঐতিহাসিক জোনবিল মেলা। জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিল আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।Read More- দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰবিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলিছে জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰ। কাৰণ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ অধীনত পৰম্পৰাগত ভাৱে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত আৰম্ভ হৈছে জোনবিল মেলা।Read More- 'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগবৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন। ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ পৰম্পৰাগত এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই জোনবিল মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। সম্প্ৰীতিৰ এনাজৰী বান্ধি কাহিলি পুৱাতে অনুষ্ঠিত কৰা এই বিনিময় হাটত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আজিও ইয়াৰ ব্যতিক্ৰম নহয়। বিনিমযৰ এই সময়ছোৱাত অচল হৈ পৰিল মূদ্ৰাৰ প্ৰচলন। আজি এই বিনিময় প্ৰথাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই বিনিময় হাটত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ।Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়AdvertismentAdvertisment Read the Next Article