Advertisment

তীব্ৰতৰ হ’ব ইৰান-ইজৰাইলৰ যুদ্ধ! আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ পুত্ৰৰ

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল নতুন নেতা কোন হ’ব। বহু অপেক্ষাৰ শেষত আয়াতুল্লাৰ পুত্ৰ মোজতাবা খামেনিক ইৰানৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে।

 Photograph: (ndtv)
Photograph: (ndtv)

তীব্ৰতৰ হ’ব ইৰান- ইজৰাইলৰ যুদ্ধ! আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ পুত্ৰৰ

Advertisment

Also Read...'ভগৱানে লিখাবোৰ কোনেও সলাব নোৱাৰে, আজি মই বিশ্ব চেম্পিয়ন'

ইৰানৰ উচ্চতম নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল নতুন উচ্চতম নেতা কোন হ’ব। বহু অপেক্ষাৰ শেষত আয়াতুল্লাৰ পুত্ৰ মোজতাবা খামেনিক ইৰানৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে। ইৰানৰ বিশেষজ্ঞ বিধান সভাই গ্ৰহণ কৰে এই সিদ্ধান্ত। 


আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ মোজতাবা খামেনেইক দেশৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়াৰ পিছতেই এতিয়া চৰ্চা চলিছে আৰু অধিক তীব্ৰতৰ হ’ব নেকি ইৰান- ইজৰাইলৰ যুদ্ধ! ইৰানৰ নতুন সৰ্বোচ্চ নেতাৰ লগতে শপত ল'লে তিনি সেনা প্ৰধানে। নিযুক্তি লাভৰ পিছতেই পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ খামেনিৰ পুত্ৰ মোজতাবা খামেনিৰ। মোজতাবা খামেনিৰ নেতৃত্বত নিজকে বলিদান দিবলৈ সাজু ইৰানবাসী। মোজতাবা খামেনিৰ নেতৃত্ব লাভৰ পিছতেই ড্ৰোণেৰে চলালে আক্ৰমণ। 

Also Read...দুলীয়াজানত চাঞ্চল‍্যকৰ ডকাইতি


ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে দেওবাৰে ঘোষণা কৰে যে, বিশেষজ্ঞ বিধানসভাই (৮৮ জনীয়া ধৰ্মীয় সংস্থা) মোজতাবা খামেনিক “নিৰ্ণায়ক ভোট”ৰ জৰিয়তে তৃতীয় উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰিছে। মোজতাবা খামেনিৰ নাম ঘোষণা কৰাৰ লগে লগে ইৰানৰ সামৰিক বাহিনী, ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি) আৰু ৰাজনৈতিক নেতাসকলে মোজতাবা খামেনিৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ পিছতেই নতুন নেতা আয়াতুল্লা মোজতাবা খামেনিৰ নিৰ্দেশ মানি চলি নিজকে বলিদান দিবলৈ সাজু ইৰানৰ শীৰ্ষ সামৰিক নেতৃত্বই।

Advertisment

Also Read...'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

Advertisment
Advertisment