Assameseদুলীয়াজানত চাঞ্চল্যকৰ ডকাইতিদুলীয়াজানৰ ভাদৈ পাঁচআলিত সংঘটিত এক চাঞ্চল্যকৰ লুটপাতৰ ঘটনা। ৪ জনীয়া ডকাইতৰ দলে গহনাৰ ব্যৱসায়িক লুটপাত চলোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ। ডকাইতৰ দলে লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ।Jyotiprasad Sarma Mar 09, 2026 12:08 ISTদুলীয়াজানত চাঞ্চল্যকৰ ডকাইতি Photograph: (DY365)দুলীয়াজানত চাঞ্চল্যকৰ ডকাইতিলুটি নিলে নগদ ধন, অলংকাৰদুলীয়াজানত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। গহনাৰ বিপণীৰ ব্যৱসায়িক ৪ জনীয়া ডকাইত দলৰ লুটপাত। ডকাইতৰ দলে লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ।Advertismentদুলীয়াজানৰ ভাদৈ পাঁচআলিত সংঘটিত এক চাঞ্চল্যকৰ লুটপাতৰ ঘটনা। ৪ জনীয়া ডকাইতৰ দলে গহনাৰ ব্যৱসায়িক লুটপাত চলোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ। ঘটনা অনুসৰি নিশা দুলীয়াজানৰ লোকনাথ জুৱেলাৰীৰ স্বত্তাধিকাৰী সজীৱ ৰক্ষিতৰ পৰা ডকাইতে লুটি নিয়ে নগদ প্ৰায় ৫৫ হাজাৰ টকা আৰু ২০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ । ভাদৈ পাঁচআলিত থকা লোকনাথ জুৱেলাৰীৰ দোকান বন্ধ কৰি ভাদৈ ৪ নং চপাতলি অঞ্চলত থকা নিজ গৃহলৈ উভতি অহাৰ পথত ৰৈ থকা ৪ জনীয়া ডকাইতৰ দলে ব্যৱসায়ীজনক প্ৰথমে হেঁচা মাৰি পথত বাগৰাই দিয়ে আৰু পিছত ব্যৱসায়ীজনৰ পৰা সোণৰ আ-অলংকাৰ লগতে নগদ ধন ভৰ্তি বেগলৈ ডকাইতৰ দলটোৱে পলায়ন কৰে।Also Read: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্তব্যৱসায়ীজনৰ ভাষ্য অনুসৰি নগদ প্ৰায় ৫৫ হাজাৰ টকা আৰু ২০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ ডকাইতৰ দলে লৈ যায়। দুখন বাইকত অহা ডকাইতৰ দলটোৱে লুটপাত চলাইয়ে তাৰ পৰা লগে লগে পলায়ন কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।AdvertismentAlso Read: 'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়াঘটনা সংঘটিত হোৱাৰ পাছতেই নিশাই ভাদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ব্যৱসায়ীজনে। ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য। Read More AdvertismentAdvertisment Read the Next Article