Assameseপ্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্তঅসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্য়ৰ এখন বিহু সন্মিলনে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত।Estafur Rahman Mar 09, 2026 11:31 ISTPhotograph: (dy365)প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্তAdvertismentঅসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্য়ৰ এখন বিহু সন্মিলনে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এইবেলি চেপন ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত নকৰে সাংস্কৃতিক অনুষ্ঠান। কেৱল পতাকা উত্তোলনেৰেই ধাৰাবাহিকতা পালন কৰা হ’ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ। এই বিহু সন্মিলনখনৰ সৈতে আৰম্ভণিৰ পৰাই জড়িত আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।Also Read.....ইফটাৰৰ সুযোগ বুজি চোৰে চলালে চাফাই অভিযানঅসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী,অসমীয়া জাতিৰ হৃদস্পন্দন, সকলোৰে আপোন জুবিন গাৰ্গক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসীয়ে শোকত ম্ৰিয়মাণ হৈ পৰিছে। এতিয়াও প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে চৌদিশে অনুৰাগীয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰা পৰিলক্ষিত হৈছে। তেনে সময়তে দেওবাৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰে,পতাকা উত্তোলনেৰেই ধাৰাবাহিকতা পালন কৰা হ’ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিললনৰ।Also Read...টীম ইণ্ডিয়াৰ বেটাৰৰ ৰানৰ বৰষুণ, নিউজীলেণ্ডক ২৫৬ ৰানৰ বিশাল লক্ষ্য ভাৰতৰAdvertismentউদ্যাপন সমিতিৰ মুখ্য সম্পাদকে প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰে, ‘‘ঐতিহ্যৰ ছাঁ-পোহৰত জিলিকা নগৰী চেপনৰ কোলাত ১৯৯৩ চনতেই প্রাণ প্রতিষ্ঠা লাভ কৰা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এটি গৰিমাময় পথেৰে আগুৱাই ২০২৬বৰ্ষত ত্রয়স্ত্রিংশত্তম বৰ্ষত ভৰি থৈছেহি।’’এই অনুষ্ঠানটোৰ উত্তৰণৰ প্ৰতিটো খোজৰ অন্যতম কাণ্ডাৰী অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী, অসমীয়া জাতিৰ হৃদস্পন্দন, সকলোৰে আপোন স্বপ্নদ্রষ্টা, অসমীয়া সমাজ আৰু সংস্কৃতিৰ কালজয়ী আৱাজ জুবিন গাৰ্গক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমি চেপনবাসী তথা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়া বজ্রাহত।Also Read...ফাইনেলৰ মহাৰণ, টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰসন্মিলনখনৰ প্রতি জুবিন গাৰ্গে আগবঢ়োৱা অৱদানক সন্মান জনাই চলিত বৰ্ষৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰে আনুষ্ঠানিক ধাৰাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিজ্ঞপ্তিটোৰ জৰিয়তে সদৰী কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যাপন সমিতিয়ে। Read More AdvertismentAdvertisment Read the Next Article