Assameseআয়াতুল্লাহ আলী খামেনিইৰ হত্যাকাণ্ডক লৈ মৌন নৰেন্দ্ৰ মোদী! মোদীৰ মৌনতাক লৈ সমালোচনা ছোনিয়া গান্ধীৰ...প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিইৰ হত্যাকাণ্ডক লৈ কিয় নিমাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? Estafur Rahman Mar 03, 2026 15:25 ISTPhotograph: (THE INDIAN EXPRESS)আয়াতুল্লাহ আলী খামেনিইৰ হত্যাকাণ্ডক লৈ মৌন নৰেন্দ্ৰ মোদী! মোদীৰ মৌনতাক লৈ সমালোচনা ছোনিয়া গান্ধীৰ...AdvertismentAlso Read....ফাকুৱাৰ পূৰ্বে টিৰ্পালেৰে ঢাকি দিয়া হ'ল বহুকেইটা মছজিদপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিইৰ হত্যাকাণ্ডক লৈ কিয় নিমাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মোদীৰ এই মৌনতাক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। কাশ্মীৰৰ কথা সোঁৱৰাই দি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হয় কংগ্ৰেছ নেত্ৰীগৰাকী।দ্যা ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত হোৱা খবৰ অনুসৰি, “১৯৯৪ চনত মুছলমান দেশসমূহৰ মিত্ৰজোঁট ‘অ’আইচি’ (অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেচন)-এ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত কাশ্মীৰ সন্দৰ্ভত ভাৰত বিৰোধী প্ৰস্তাৱ উত্থাপন কৰিছিল। কিন্তু সেই সময়ত আমাৰ বন্ধু ইৰানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াক বাধা দিছিল।”Also Read...আবিৰেৰে ৰঙীন ৰাজ্যছোনীয়া গান্ধীয়ে দাবী কৰে যে, তেহৰানৰ হস্তক্ষেপৰ বাবে স্পৰ্শকাতৰ সময়ত কাশ্মীৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইছ্যু হিচাপে উত্থাপন কৰাৰ চেষ্টা ব্যৰ্থ হয়। “সেই সময়ত ভাৰত অৰ্থনৈতিক সংস্কাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিল। ইৰানে বিগত সময়ত কাশ্মীৰৰ ওপৰত ভাৰতৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰিছিল। গতিকে সাম্প্ৰতিক পৰিস্থিতিত নতুন দিল্লীৰ স্থিতি কিয় মৌনতা? যথেষ্ট উদ্বেগজনক।Advertismentউল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শনিবাৰে পুৱা ৯:২৭ বজাত ৰাজধানী তেহৰানত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি তেওঁৰ কাৰ্যালয়ত কৰ্মৰত আছিল। তেওঁ গোপনে এখন বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকৰ সকলো তথ্য তেওঁৰ ঘনিষ্ঠ সহযোগীসকলেহে জানিছিল।Also Read...চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে?খবৰ অনুসৰি, পুৱা ৯ বজাত আলী খামেনিয়ে তেহৰানত এই বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। সেই তথ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা মোছাদক ফাদিল কৰিছিল খামেনিৰ এজন ঘনিষ্ঠ সহযোগীয়ে। নিশা হ’বলগীয়া আক্ৰমণটোৱে খামেনিৰ গোপন ঘাটিটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে তেহৰানক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাই ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে। Read More AdvertismentAdvertisment Read the Next Article