Assamese ভূমি কেন্দ্ৰিক সংঘাতক লৈ ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতক লৈ গোলকগঞ্জৰ বালাজান ডুমৰদহত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। ভয়ংকৰ ঘটনাত কেইবাজনো আহত, ঘৰ জলাই দিয়াৰো অভিযোগ।
Assamese মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে ৰফিকুল ইছলামক ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে এটি ৬ বছৰীয়া শিশুক। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যুক আকোৱালি লয় ৰফিকুল ইছলাম নামৰ শিশুটোৱে। দুৰ্ঘটনাক লৈ বকোৰ ছমৰীয়া বদলাত উত্তপ্ত পৰিস্থিতি।
Assamese প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান প্ৰাণৰ আপোন জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান। শিল্পীগৰাকীৰ অবৰ্তমানত কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক প্ৰদান কৰা হয় এই সন্মান।
Assamese পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ পুনৰ চৰকাৰী ঘৰ লাভ কৰিব লাখ লাখ লোকে। জিঅ’ টেগিং হৈ যোৱা লোকসকলে পৰৱৰ্তী পৰ্যায়ত পাব বিনামূলীয়া ঘৰ। ৰাজ্যত কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে পাব PMAYৰ ঘৰ- মুখ্যমন্ত্ৰী।
Assamese কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী ‘কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি চলাই আছে অপপ্ৰচাৰ’। ‘কংগ্ৰেছৰ নেতা-কৰ্মীৰ সামাজিক মাধ্যমত অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছেগৈ’। এইসকলৰ ওপৰত চৰকাৰৰ নজৰ আছে, নিৰ্বাচনৰ পিছতে সকলোৰে বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’।
Assamese বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান! ক’ৰবাত মছজিদ ভাঙিছে কিন্তু মন্দিৰ নাভাঙিলে। ক’ৰবাত আকৌ বিজেপিৰ কাৰ্যালয় নাভাঙি সংখ্যালঘু প্ৰতিষ্ঠান ভাঙিছে। সাম্প্ৰদায়িক বিষবাস্প আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুক অমানৱীয়ভাৱে উচ্ছেদ চলাইছে বিজেপি চৰকাৰে।
Assamese অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী অখিল গগৈ জিকিবই। অখিল গগৈ হিৰো হয়। গতিকে অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিত নিৰ্বাচন খেলিলেই হ'ল। হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অখিল গগৈৰ প্ৰশংসা।
Assamese কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ? উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৰাজ্যৰ শিক্ষাৰ্থী সকলক চৰকাৰে প্ৰদান কৰিলে ডাঃ বাণীকান্ত কাকতি মেধা বঁটা। ডাঃ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটী।
Assamese ছাকিৰা আহিব গুৱাহাটীলৈ গুৱাহাটীলৈ আহিব ছাকিৰা! প'ষ্ট মেলনৰ পাছতে অসমলৈ ছাকিৰা অহাৰ সম্ভাৱনা। ছাকিৰাক অসমলৈ অনাৰ ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। অহা বছৰেই অসমলৈ আহিব পাৰে বিশ্ব প্ৰসিদ্ধ শিল্পীগৰাকী।
Assamese পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।