Assamese পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক! পাকিস্তান লিংকৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰ বৰঝাৰ গাঁওৰ শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতা। উল্লেখ্য যে পাকিস্তানী নাগৰিকৰে বিগত ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য।
Assamese কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ।। কিছুসময়ৰ পাছতে আজি SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।
Assamese নাবালিকাৰে জঘন্য কাণ্ড ইটা ভাটাৰ মালিকৰ ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী নাবালিকাক ধৰ্ষন কৰি অন্তঃসত্বা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ইটা ভাটাৰ মালিক। HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলী নামৰ এটা নৰপিশাচৰ বিৰুদ্ধে এই অভিযোগ।
Assamese কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কাইলৈ SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।
Assamese বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। কোটি কোটি অনুদান দিছে মুছলমান লোকে। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছিল কেইবাটাও মেচিন। এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি অনুদান।
Assamese শিলচৰত চলিল প্ৰশাসনৰ বুলড’জাৰ, ভাঙি পৰিল কেইবামহলীয়া অট্টালিকা কেইবামহলীয়া ভৱনত চলিছে প্ৰশাসনৰ বুলড’জাৰ। প্ৰশাসনৰ চকুৰ পৰা সাৰি যোৱা নাই পথৰ কাষৰ সৰু–বৰ দোকানো। পথ নিৰ্মাণৰ বাবে শিলচৰৰ তাৰাপুৰত অবৈধভাৱে নিৰ্মিত ঘৰ–দোকানত চলিল উচ্ছেদ।
Assamese আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ। আজি ১০ ডিচেম্বৰ, ছহিদ দিৱস। ছহিদ দিৱসৰ দিনাই অসমবাসীক সংকল্প লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বৰাগাঁৱত ছহিদ স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিলে অচিনাকি লোকৰ বিৰুদ্ধে পুৰণি যুদ্ধখন।
Assamese নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি নীলা জাৰ্ছিত আধিপত্য অব্যাহত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। শেহতীয়া ICCৰ ৰেংকিঙত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটাৰৰ দপদপনি। ICCৰ এদিনীয়া ৰেংকিঙত ৰোহিত শৰ্মা শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী।
Assamese ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানত অনাকাংক্ষিত ঘটনা। পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহি এগৰাকী মহিলা সন্মুখীন হ’ল তিক্ত অভিজ্ঞতাৰ। সামাজিক মাধ্যমত মহিলাগৰাকীয়ে আপলোড কৰিলে এটা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰশাসনক লৈও উত্থাপিত হৈছে বহু প্ৰশ্ন।
Assamese লুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোক গুৱাহাটীত লুইতৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ লুইতত একেলগে সন্ধানহীন ৫ জনকৈ লোক। খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। তাৰ পাছতেই গা ধুবলৈ নামিছিল ব্ৰহ্মপুত্ৰত। ভয়ংকৰ ঘটনাক লৈ খাৰঘূলিত হাহাকাৰ।