Assamese খাৰুপেটীয়া আৰক্ষীৰ জালত কুখ্যাত জেহাদী মনছুৰ আলী দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ জালত কুখ্যাত জেহাদী। খাৰুপেটীয়াৰ পশ্চিম কুমাৰপাৰা গাঁৱৰ গ্ৰেপ্তাৰ মনছুৰ আলী নামৰ জেহাদীটো। তেহৰিক-ঈ-তালিবান পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগত আছিল মনছুৰ।
Assamese আমজেদ আলীয়ে দেখুৱালে সততা শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী মহিলাই আমজেদ আলীৰ সততাৰ বাবে ঘুৰাই পালে হেৰুওৱা টকাৰ বেগ। শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া দেৱন্তী দেৱীয়ে ট্রেকাৰত এৰি গৈছিল টকাৰ বেগ। দৰিদ্ৰ মহিলাগৰাকীক বেগটো ঘূৰাই দিয়ে আমজেদ আলীয়ে।
Assamese দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।
Assamese প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালত ভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।
Assamese ধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃ ঘৰৰ পৰা টানি আনি ধুবুৰীৰ সন্তোষ চৌধুৰীক মাৰধৰ। চিকিৎসাধীন অৱস্থাতে GMCHত সন্তোষৰ মৃত্যু। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল মাতৃ। বগা সাজ পৰিধান কৰি প্ৰতিবাদত বহিল ভাতৃ। চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ ধুবুৰী চহৰৰ নুনিয়াপট্টিত উত্তপ্ত পৰিস্থিতি।
Assamese হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন! ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ এই শোভাযাত্ৰা।
Assamese আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী জনজাতীয় ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বিৰোধিতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন হাজাৰ হাজাৰ লোকৰ। 'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ গুলিয়াই মাৰকঃ প্ৰতিবাদকাৰী
Assamese বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতাগৰাকীৰ। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুত বলীউড জগতত শোকৰ ছাঁ।
Assamese পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন! পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন। চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়াও বিপদত। আদালতৰ আগতীয়া অনুমতি অবিহনে আটাইকেইজনে যাব নোৱাৰিব অসমৰ বাহিৰলৈ।
Assamese চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক ! চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে হিন্দী গীতৰ তালত নাচি অৱশেষত অপসাৰিত হ’ল এজন চৰকাৰী চিকিৎসক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দায়িত্বৰ পৰা অপসাৰিত হ’ল ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসক। উত্তৰপ্ৰদেশত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।