Assamese ২২ গজত বিৰাট কোহলীৰ অভিলেখ অৰ্ধশতকীয় ইনিংছেৰে কেইবাটাও অভিলেখ ৰান মেচিন বিৰাট কোহলীৰ। টেণ্ডুলকাৰৰ পাছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ'ল কোহলী।
Assamese জুবিনক্ষেত্ৰ আৰু SOP বিতৰ্ক! নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। জুবিনক্ষেত্ৰত যাবলৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াক লৈ অনুৰাগীসকলৰ মাজতো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।
Assamese ৰোহিত-কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত বৃহত জয় টীম ইণ্ডিয়াৰ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়াৰ বলাৰ। চিডনীত এদিনীয়া কেৰিয়াৰৰ ৩৩ সংখ্যক শতক অৰ্জন কৰিলে ৰোহিতে।
Assamese মহানগৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ মহানগৰীত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ, শিহৰণকাৰী ঘটনা। গুৱাহাটীৰ হাতীগাঁৱত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। বৃহস্পতিবাৰে নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। লখিমীনগৰৰ ১২ নং ঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।
Assamese কাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাত কাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসক।
Assamese মমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈ অসমলৈ ঘূৰি আহিল বিদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিওৱা যুৱক। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ বাসিন্দা মমৰ আলীক ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ কৰা হৈছিল পুছবেক।
Assamese দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Assamese জুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী... জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ক'ৰবাৰ পৰা এটা হাইঠা চৰাই আহি দুদিন ধৰি ৰৈ আছিল। সকলোকে আচম্বিত কৰি জুবিনৰ প্ৰতিচ্ছবিক নয়নভৰি চাই আছিল চৰাইটোৱে। তাৰ পিছতে হাইঠা চৰাইটোৱে ত্যাগ কৰিলে প্ৰাণ।
Assamese এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ পিতৃৰ নামত কলংক, স্বামীৰ নামত দানৱ। পত্নী-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ২০২৩ চনত বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত হোৱা ডাবল মাৰ্ডাৰক লৈ ঐতিহাসিক ৰায়।
Assamese সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।