Assamese দালালক ধন নিদিলে ৰোগীক চিকিৎসা নকৰে চিকিৎকে! বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা চৰকাৰী চিকিৎসালয়ত অৰাজকতা! দালালক ধন নিদিলে চিকিৎকে ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ। কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা। চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় চিকিৎসক।
Assamese অসমলৈ আহি আছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী। অসমক কি কি দিব নিৰ্মলা সীতাৰমণে? দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। ৭, ৮ নৱেম্বৰত অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী। গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।
Assamese মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা এয়াই সম্প্ৰীতি, এয়াই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ। ত্ৰিপুৰাৰ এখন কালী পূজাত অংশ ল'লে ইছলাম ধৰ্মী ইউছুফ মিঞাই। কালী পূজালৈ অনুদান আগবঢ়াই ইউছুফ ক'লে- 'মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলো'।
Assamese 'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ 'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল অসম সন্তান মানসজ্যোতি তালুকদাৰ। 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে।
Assamese আজি আৰক্ষীৰ স্মৃতি দিৱস আজি আৰক্ষীৰ স্মৃতি দিৱস। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০জন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই বীৰ জোৱানকেইজনৰ স্মৃতিত প্ৰতিবছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষীৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়।
Assamese জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ আপোন মানুহগৰাকীৰ আজি ওপজা দিন। আজি পত্নী গৰিমা শইকীয়া গাৰ্গক জন্মদিনৰ শুভেচ্ছা দিবলৈ কায়িকভাৱে জুবিন গাৰ্গ নাই এই পৃথিৱীত। কেৱল মাথোঁ আছে স্বামী জুবিনৰ অলেখ স্মৃতি।
Assamese আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসক আকৌ শিলচৰ চহৰত গ্ৰেপ্তাৰ ভুৱা চিকিত্সক। শিলচৰ চহৰৰ অম্বিকাপট্টিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মেট্ৰিক পাছ’ ভুৱা চিকিত্সকক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসকক।
Assamese জালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়াল ভাৰত-ভূটান সীমান্তত আনন্দৰ বন্যা ৷ এখন গাঁৱত এগৰাকী যুৱকে প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে গাঁওবাসী। আনন্দত উৎফুল্লিত ৰাম বেচাৰৰ সফলতাত৷
Assamese জুবিনবিহীন অসমত সেৰেঙা দীপাৱলী ! আজি পোহৰৰ উত্সৱ দীপাৱলী। দেশজুৰি দীপাৱলীক লৈ ব্যাপক উত্সাহ, উদ্দীপনা। ব্যতিক্ৰম মাথোঁ অসম ভূমি। জুবিনবিহীন অসমত এইবাৰ দীপাৱলীক লৈ নাই কোনো উৎসাহ, নাই কোনো উদ্দীপনা।
Assamese আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ। নিজ দেশৰ নাগৰিকৰে ৰোষত পৰিছে বিগ ব্ৰাদাৰ ট্ৰাম্প।