Assamese যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন আৰু চিতাভস্ম ১৯ ছেপ্তেম্বৰৰ দিনটো অভিশপ্ত হৈ আহিছিল প্ৰতিজন অসময়ীৰ বাবে। এটা খবৰতেই সৰগ খহি পৰিছিল প্ৰতিজন অসমীয়াৰ মূৰত। স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন। কাৰণ এই দিনটোতে আমাক নিথৰুৱা কৰি অজান দেশলৈ গুছি গৈছিল আমাৰ স্বাভিমান আমাৰ মৰমৰ জুবিন গাৰ্গ।
Assamese প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১২টা দিন। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে । কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।
Assamese বৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত ভাৰত-শ্ৰীলংকা ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা মহিলা বিশ্বকাপৰ মহাৰণ। উদ্ধোধনী খেলখনত আজি মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা। উদ্ধোধনী খেলৰ পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি।
Assamese গুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। মহানগৰীৰ দক্ষিণগাঁৱৰ হাচিব পথত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ড। মাজনিশা কুন্দৰ হৰী নামৰ এজন লোকে জীৱন্তে জ্বলাই দিলে পত্নীক।
Assamese আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাসপ্তমী। মহাসপ্তমীৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক পূজা কৰা হয়। প্ৰচলিত বিশ্বাস মতে সপ্তমী তিথিৰ পৰা আৰম্ভ হৈছিল মহিষাসুৰৰ লগত যুদ্ধ। মা কালৰাত্ৰীয়ে অসুৰক বধ কৰিছিল।
Assamese ‘জুবিনৰ কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব’ জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন..... আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাজতে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গৰীমা গাৰ্গে এজেহাৰ দাখিল কৰিছে।
Assamese ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত লাডাখত তীব্ৰ প্ৰতিবাদ লাডাখত ৰাজ্যৰ মৰ্যাদা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীত চলা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে, যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
Assamese 'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে ৪১ বছৰৰ মূৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুখামুখী হোৱা পাকিস্তান শোচনীয়ভাৱে পৰাস্ত হয়। এই বিজয়ৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। (এছিয়া কাপ)
Assamese হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ'ল দুৰ্গা পূজা বা দুৰ্গোৎসৱ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।
Assamese ফাইনেলত জয়ী হৈও ট্ৰফী অবিহনেই উভতিব নেকি টীম ইণ্ডিয়া? ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া খেলখনলৈ বাট চাই ৰৈছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে। ৰোমাঞ্চকৰ খেলখনৰ মাজতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত আন এক কৌতুহলৰ সৃষ্টি হৈছে।