Assamese আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া বিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। বিজেপিৰ টিকটক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।
Assamese ৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইন বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।
Assamese উদুলি-মুদুলি জোনবিলৰ পাৰ, ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন জোনবিল মেলাৰ আজি দ্বিতীয় দিন। জাগীৰোডৰ জোনবিলৰ পাৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। জোনবিলত সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ গৈ আনন্দ-উল্লাস প্ৰতিজনৰ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।
Assamese আঁচনি নাপালে ভোট নিদিও, বিজেপি চৰকাৰৰ বিৰুদ্ধে মহিলাৰ বিদ্ৰোহ বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ মহিলা ওলাই আহিছে ৰাজপথলৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা বঞ্চিত মহিলাৰ বিদ্ৰোহ। নিৰ্বাচনৰ পূৰ্বে মহিলা উদ্যমিতা আঁচনিৰ ধন নাপালে নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ প্ৰতিবাদী মহিলাৰ।
Assamese দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰ গুৱাহাটীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ১০৮ৰ খু্ন্দাত মৃত্যু এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিল।
Assamese শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আশাৰ খবৰ। পুনৰ হাজাৰ হাজাৰ খালী পদত আৱেদনৰ সুযোগ। অসম আৰক্ষীত চাকৰি কৰাৰ সপোন হ’ব পূৰণ। ২ হাজাৰতকৈও অধিক খালী পদত কৰিব পাৰিব আৱেদন।
Assamese 'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ নাম। অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ।
Assamese অশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চ কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত।
Assamese বিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ড আজি নাগপুৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০। এদিনীয়া শৃংখলাত হোৱা পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে আজি ২২ গঁজৰ ষুঁজত নামিব সূৰ্ষকুমাৰ যাদৱ বাহিনী। আনহাতে টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবেই এইটো হৈছে অন্তিম শৃংখলা।
Assamese বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।