Assamese মমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈ অসমলৈ ঘূৰি আহিল বিদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিওৱা যুৱক। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ বাসিন্দা মমৰ আলীক ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ কৰা হৈছিল পুছবেক।
Assamese এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ পিতৃৰ নামত কলংক, স্বামীৰ নামত দানৱ। পত্নী-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ২০২৩ চনত বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত হোৱা ডাবল মাৰ্ডাৰক লৈ ঐতিহাসিক ৰায়।
Assamese সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।
Assamese এদিন কৈছিল দুটা, এতিয়া বোলে তিনিটা! তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ দুটা নহয় তিনিটাকৈ সন্তান জন্ম দিয়ক! 'নগাঁৱত হ্ৰাস পাই আহিছে আমাৰ জনসংখ্যা'। 'আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
Assamese নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদ অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰদান কৰিলে এই বিশেষ সন্মান।
Assamese মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী 'মাতৃ-সন্তানৰ মমতাৰ প্ৰতীকেই হ'ল মিঠাতেল'। 'কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়, মিঠাতেলক লৈ মোক জুকাই'। 'এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক'। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিৰ ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’ কাৰ্যসূচী। দিলীপ শইকীয়াৰ, পবিত্ৰ মাৰ্ঘেৰিটা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাই অংশ ল'লে প্ৰতিবাদত।
Assamese শ্ৰদ্ধাঞ্জলি আঁচনিয়ে আনিলে ছোৰহাবক, কেৰালাত মৃত্যু হৈছিল দৰঙৰ ছোৰহাব আলীৰ দৰঙৰ গৰাখাট গাঁৱত শোকৰ ছাঁ। বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা ছোৰহাব আলীৰ মৃতদেহ আহি পালে নিজ বাসগৃহ। কৰ্মৰ সন্ধানত গৈ কেৰেলাত মৃত্যু হৈছিল চাৰি সন্তানৰ পিতৃ ছোৰাহাব আলীৰ। এবছৰ পূৰ্বে কেৰেলাত কাম কৰিবলৈ গৈ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় ছোৰহাবৰ।
Assamese বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ ভাৰতীয় হৈ খেলা জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ পাৰভেজ ৰাছুলৰ অৱসৰ ঘোষণা। ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা কৰে তাৰকা ক্ৰিকেটাৰ পাৰভেজ ৰাছুলে।
Assamese দালালক ধন নিদিলে ৰোগীক চিকিৎসা নকৰে চিকিৎকে! বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা চৰকাৰী চিকিৎসালয়ত অৰাজকতা! দালালক ধন নিদিলে চিকিৎকে ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ। কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা। চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় চিকিৎসক।