Assameseএমাহে অৰণ্যত আশ্ৰয় এটা পৰিয়ালৰ!একবিংশ শতিকাৰ আধুনিক যুগতো মানৱ সভ্যতাক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ জয়পুৰ থানাৰ অন্তৰ্গত মুক্তাছড়া খাছীয়া পুঞ্জীত। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এটা পৰিয়ালক গাঁৱৰ পৰা বিতাড়নৰ গুৰুতৰ অভিযোগ। Jyotiprasad Sarma Mar 08, 2026 15:15 ISTএমাহে অৰণ্যত আশ্ৰয় এটা পৰিয়ালৰ! Photograph: (DY365)চাঞ্চল্যকৰ ঘটনাএমাহে অৰণ্যত আশ্ৰয় এটা পৰিয়ালৰ!একবিংশ শতিকাৰ আধুনিক যুগতো মানৱ সভ্যতাক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে কাছাৰ জিলাৰ জয়পুৰ থানাৰ অন্তৰ্গত মুক্তাছড়া খাছীয়া পুঞ্জীত। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এটা পৰিয়ালক গাঁৱৰ পৰা বিতাড়নৰ গুৰুতৰ অভিযোগ। Advertismentঘটনা অনুসৰি হৰিনগৰ মুক্তাছড়া খাছীয়া পুঞ্জীৰ ৮ জনীয়া এটি পৰিয়ালক দীৰ্ঘদিন ধৰি গাঁৱৰ একাংশ লোকে ‘ডাইনী’ বুলি অপবাদ দি অহাৰ অভিযোগ। পৰিয়ালটোৰ অভিযোগ যে, পুঞ্জীৰ কোনো লোকৰ ৰোগ, ব্যাধি হলেই তাৰ দোষ জাপি দিয়া হৈছিল পৰিয়ালটোৰ ওপৰত। Also Read: আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱস কেতিয়াৰ পৰা পালন কৰা হয় জানেনে ?যোৱা ১০ ফেব্ৰুৱাৰীত গাঁৱৰ একাংশ লোক গোট খাই তেওঁলোকক গাঁও এৰি যাবলৈ সকীয়নি দিয়ে। অন্যথা ঘৰ-দুৱাৰ ভাঙি তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে। প্ৰাণৰ মমতাত পৰিয়ালটোৱে যোৱা এমাহ ধৰি গাঁৱৰ পৰা আঁতৰি গৈ অৰণ্যত আশ্ৰয় লৈ আছিল। ল'ৰা-ছোৱালীসহ ৮ জনীয়া পৰিয়ালটোৱে এই সময়ছোৱাত লঘোণে-ভোকে হাবিত অত্যন্ত দুৰ্বিষহ দিন অতিবাহিত কৰাৰ কথা উল্লেখ কৰে।Advertismentশনিবাৰে জয়পুৰ থানাত শিশুসহ পৰিয়ালটো উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। জয়পুৰ থানাত ১০-১৫ জন লোকৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ। Also Read: আমেৰিকাৰ সহায়ত ইৰানৰ তৈল ভাণ্ডাৰত আক্ৰমণ ইজৰাইলৰআনহাতে ভুক্তভোগী পৰিয়ালটো বৰ্তমান জয়পুৰ থানাতেই আশ্ৰয় লৈ আছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাপৰ্যন্ত সুৰক্ষাৰ খাতিৰত তেওঁলোক গাঁৱলৈ উভতি যাবলৈ অস্বীকাৰ প্ৰকাশ কৰে। এই ঘটনাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় তথা নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে সচেতন মহলে।Advertisment Read More AdvertismentAdvertisment Read the Next Article