Advertisment

আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱস কেতিয়াৰ পৰা পালন কৰা হয় জানেনে ?

প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে এই দিনটো কেৱল উদযাপনৰ দিন নহয়, লিংগ সমতা, নাৰীৰ অধিকাৰ, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়াৰ দিন।

 Photograph: (dy365)
Photograph: (dy365)

আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস

Also Read....সোপাধৰাৰ সন্দেহত মহিলাৰ সৈতে ভয়ংকৰ ঘটনা

প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে এই দিনটো কেৱল উদযাপনৰ দিন নহয়, লিংগ সমতা, নাৰীৰ অধিকাৰ, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়াৰ দিন। এই বিশেষ দিনটোত সমগ্ৰ বিশ্বই উদযাপন কৰিছে নাৰীৰ সংগ্ৰাম, সাহস আৰু  সফলতাৰ কাহিনী।

Advertisment

আমাৰ সমাজৰ বহু অঞ্চলত এতিয়াও বৈষম্য বিদ্যমান। নাৰী দিৱসৰ জৰিয়তে সেই বৈষম্য দূৰ কৰাৰ সংকল্প লোৱা হয়। শিক্ষা, কৰ্ম, জীৱনৰ সকলো দিশতে মহিলাসকলে যাতে সম সুযোগ লাভ কৰে তাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি বা সমাজ সকলো ক্ষেত্ৰতে নাৰীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। যিটো আজিৰ দিনটোত বিশেষভাৱে স্মৰণ কৰা হয়।

Also Read...কোন দিশে আজিৰ প্ৰজন্ম! মন্দিৰৰ বাথৰুমত উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ!

নাৰী দিৱসৰ কেতিয়াৰ পৰা পালন কৰা হয়...  

এই দিনটোৰ আঁৰত এক দীঘলীয়া সংগ্ৰামৰ কাহিনী আছে। ১৯০৮ চনত আমেৰিকাৰ নিউয়ৰ্কত ১৫ হাজাৰৰো অধিক কাপোৰৰ কাৰখানাৰ শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি উচিত মজুৰি, কামৰ সময় হ্ৰাস কৰা আৰু ভোটাধিকাৰ দাবী প্ৰতিবাদ কৰিছিল। ১৯১০ চনত জাৰ্মানৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মী মহিলা সন্মিলনত নাৰী দিৱসৰ বাবে প্ৰথম প্ৰস্তাৱ আগবঢ়াইছিল ক্লাৰা জেটকিনে (Clara Zetkin)। ১৯১১ চনৰ ১৯ মাৰ্চ তাৰিখে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু ছুইজাৰলেণ্ডত উদযাপন কৰা হয়। য’ত নাৰীৰ অধিকাৰৰ বাবে ৰে'লী অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ পৰাই আৰম্ভ হৈছিল নাৰী অধিকাৰৰ আন্দোলন। অৱশেষত ১৯৭৫ চনৰ ৮ মাৰ্চত ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে এই দিৱসক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে ঘোষণা কৰে।

Advertisment

Also Read...ন্যায়িক আয়োগত সাক্ষ্য দি বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

Advertisment
Advertisment