Advertisment

কোন দিশে আজিৰ প্ৰজন্ম! মন্দিৰৰ বাথৰুমত উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ!

গুজৰাটৰ চুৰাটৰ স্বামীনাৰায়ণ মন্দিৰ কমপ্লেক্সৰ বাথৰুমৰ ভিতৰত দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰকলৈ সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 Photograph: (NDTV)
Photograph: (NDTV)

কোন দিশে আজিৰ প্ৰজন্ম! মন্দিৰৰ বাথৰুমত উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ!

Advertisment

Also Read....নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তন

গুজৰাটৰ চুৰাটৰ স্বামীনাৰায়ণ মন্দিৰ কমপ্লেক্সৰ বাথৰুমৰ ভিতৰত দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰকলৈ সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে, ছাত্ৰী দুগৰাকীৰ দেহত বেজীৰে বিষাক্ত ঔষধ লৈছিল আৰু যাৰ ফলত মৃত্যু হয়।

এনডিটিভিত প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে পুৱা ছোৱালী দুগৰাকীয়ে কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কলেজ শেষ হোৱাৰ পাছতো ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত,আক্ষীয়ে লগে লগে আৰম্ভ কৰে অভিযান। আৰক্ষীয়ে প্ৰথমে তেওঁলোকৰ ম'বাইল ফোনৰ লাষ্ট লোকেশ্য়ন ট্ৰেক কৰে। লোকেশ্য়ন ট্ৰেকত শনিবাৰে চুৰাটৰ স্বামীনাৰায়ণ মন্দিৰ চৌহদত দুয়োগৰাকী ছাত্ৰীৰ স্কুটী উদ্ধাৰ হয়। মন্দিৰৰ চিচিটিভিৰ ফুটেজত ছাত্ৰী দুগাৰকীয়ে মন্দিৰটোৰ বাথৰুমৰ ফালে যোৱা দেখা গৈছিল। তাৰপিছত আৰক্ষীয়ে বাথৰুমৰ দুৱাৰখন বন্ধ হৈ থকা প্ৰত্যক্ষ কৰি দুৱাৰ ভাঙি বাথৰুমত প্ৰৱেশ কৰে আৰু যুৱতী দুগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে।

Advertisment

Also Read...বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’ব

বাথৰুমৰ ভিতৰতে এটা চিৰীঞ্জ আৰু তিনিটা বিষাক্ত ঔষধৰ বটল তেওঁলোকৰ শৰীৰৰ কাষতে পৰি আছিল। ইয়াৰ পাছতেই আৰক্ষীৰ তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ আহে। ছাত্ৰী দুগৰাকীয়ে নিজৰ ম'বাইলত এআই (AI)প্লেটফৰ্মত কেনেকৈ আত্মহত্যা কৰিব পাৰি বুলি অনুসন্ধান কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা চিৰীঞ্জ, ঔষধৰ বটল আৰু ছাত্ৰী দুগৰাকীৰ ফোন তদন্তৰ স্বাৰ্থত ইতিমধ্যে ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কলেজীয়া ছাত্ৰী দুগৰাকীৰ এই ৰহস্যজনক মৃত্যুত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তদন্তকাৰীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব।

Also Read...যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে। আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান!

Advertisment


কলেজলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহি মন্দিৰ চৌহদৰ বাথৰুমত কেনেদৰে উপস্থিত হ’ল আৰু কোনে চিৰীঞ্জেৰে বিষাক্ত ঔষধ শৰীৰত সুমুৱাই দিলে, নে নিজে কৰিলে, অৰ্থাৎ আত্মহত্যা কৰিলে, সেই সম্পৰ্কে সকলো দিশৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

Advertisment
Advertisment