Assameseন্যায়িক আয়োগত সাক্ষ্য দি বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰশনিবাৰে প্ৰায় পাঁচ ঘণ্টা ধৰি ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰি অহাৰ পাছতেই এটাৰ পাছত এটা বিস্ফোৰক মন্তব্য কৰে জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গে।Estafur Rahman Mar 08, 2026 11:44 ISTPhotograph: (DY365) ন্যায়িক আয়োগত সাক্ষ্য দি বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰAlso Read....নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তনAdvertismentশনিবাৰে প্ৰায় পাঁচ ঘণ্টা ধৰি ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰি অহাৰ পাছতেই এটাৰ পাছত এটা বিস্ফোৰক মন্তব্য কৰে জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গৰ লগত সাক্ষ্য প্ৰদান কৰে ভগ্নী ড° পামী বৰঠাকুৰে। জানিব পৰা মতে, সাক্ষ্য গ্ৰহণৰ সময়ত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগে গৰিমা শইকীয়া গাৰ্গৰ পৰা কেইবাখনো কিতাপ আৰু বেংক ষ্টেটমেণ্টৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। বিশেষকৈ ১৯ ছেপ্টেম্বৰৰ ঘটনাকেন্দ্ৰিক বিভিন্ন তথ্য সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ পৰা বিশদ বিৱৰণ গ্ৰহণ কৰে ন্যায়িক আয়োগে।সাক্ষ্য প্ৰদান কৰি ওলাই আহিয়ে সাংবাদিকৰ আগত গৰিমা শইকীয়া গাৰ্গে কয়, ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো খৰধৰ কৰাৰ প্ৰয়োজন আছে। তেওঁ আৰু কয় ‘‘সন্দীপনৰ মাক-দেউতাক যিহেতু আমাৰ খুৰা-খুৰী, ঘটনাটো ঘটি যোৱাৰ পাছত তেওঁলোক আমাৰ ঘৰলৈ তিনিবাৰমান আহিছে। এদিন আমি কোৰ্টত লগ পাইছিলোঁ তেওঁলোকক। তাৰ পাছত জামিন আবেদন উঠাই লৈছে। তাৰ পাছত দেখাদেখি হোৱা নাই। এতিয়া একো কথা হোৱা নাই। বাকী সিদ্ধাৰ্থ, শেখৰহঁতৰ লগত কোনোধৰণৰ কানেকশ্যন নাই আৰু ৰাখিবও বিচৰা নাই।’’Also Read...বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’বAdvertismentজুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সন্দৰ্ভতো মন্তব্য দি কয়, ‘‘জুবিনক লৈ ৰাজনীতি কেতিয়াও কৰিব নাপাই। জুবিন একেবাৰে সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি আছিল। তেওঁ সদায় নিজৰ গানতো কৈছে ‘পলিটিক্স নকৰিবা বন্ধু’। এইক্ষেত্ৰত সকলোৱে মাত মাতি আছে। জুবিনৰ ক্ষেত্ৰত ৰাজনীতি হ’ব নাপায়। এতিয়া নিৰ্বাচন আহিছে, অন্য সময়তো জুবিনৰ লগত ৰাজনীতি কেতিয়াও নহওক, আমি সেয়াই বিচাৰিম।’জুবিনক্ষেত্ৰৰ লেহেমীয়া কামক লৈও মত প্ৰদান কৰে। এতিয়া বাউণ্ডেৰী ৱালৰ কাম আৰম্ভ হৈছে বুলি আমাক জনাইছে। এতিয়া বাৰিষা কাল আহি আছে। বৰষুণ দিলে বোকা হ’ব। পাহাৰ আছে, বোকা হ’লে কদৰ্যময় হ’ব। কাম যথেষ্ট লেহেমীয়া হৈছে। এতিয়া ছমাহে হ’বৰ হ’ল। এতিয়ালৈ বহুখিনি কাম হ’ব লাগিছিল। জুবিনৰ দৰে সত্তাক ইমান অৱহেলিত কৰি পেলাই থোৱাটো কোনেও নিবিচাৰে। জুবিনক্ষেত্ৰৰ কামো হওক। নিৰ্বাচনৰ কাম নিজৰধৰণে চলি থাকক। কিন্তু বাকী কামো চলি থাকিব লাগিব।’’Also Read...যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে। আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান!Advertismentজুবিনৰ মৃত্যুৰ তদন্ত ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা সোনকালে কৰাৰ দাবীও উত্থাপন কৰে গৰিমাই। কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱাৰ বাবে বাকী প্ৰক্ৰিয়াসমূহো দ্ৰুতগতিত সম্পূৰ্ণ কৰিব লাগে । ফাষ্টট্ৰেক কোৰ্ট সন্দৰ্ভত আমাক একো জনোৱা নাই। সেইটো কেবিনেটত সিদ্ধান্ত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে। সেইটো সোনকালে হোৱাটো বিচাৰিছোঁইয়াৰ লগতে জুবিনৰ মৃত্যুৰ পাছত তেওঁৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলিও গৰিমা শইকীয়াই জানিবলৈ দিয়ে। ‘চৰকাৰক উদ্দেশ্যি গৰিমা শইকীয়া গাৰ্গৰ আহ্বান বয়সীয়াল লোকৰ কথা অন্ততঃ চৰকাৰখনে এবাৰ ভাবক’। জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ আৰু গৰিমা শইকীয়া গাৰ্গৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি হৈছে বুলিও গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত কয়। Also Read...ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই! Read More AdvertismentAdvertisment Read the Next Article