Assamese মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। অভয়বাণী বিধায়ক অখিল গগৈৰ 'মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। মোৰ শাসনত মিঞাই মাৰ খাব নালাগে। নিৰ্বাচনৰ প্ৰাকক্ষণত মিঞাক এই অভয়বাণী বিধায়ক অখিল গগৈৰ।
Assamese বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।
Assamese কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি অধিক অৱনতি ঘটিছে কোকৰাঝাৰৰ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ গেট ভাঙি দলে দলে লোকৰ প্ৰৱেশ। নিশা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত আজি পুনৰ উত্তেজনা।
Assamese Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয় ২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল গৌতম গম্ভীৰ। অনুৰাগীয়ে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। কিন্তু গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ।
Assamese পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজক মৰাণৰ খোৱাঙত পথৰ দুৰাৱস্থাত জীয়াতু ভুগিছে ৰাইজে। খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া দুলীয়া লাহোৱাল গাঁৱত পথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ।
Assamese কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? গুৱাহাটী মহানগৰী গণেশপাৰাত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি। চিনেমাৰ কায়দাৰে সদাব্যস্ত গণেশপাৰাত সংঘটিত হ'ল শিহৰণকাৰী ডকাইতি। পিষ্টল আৰু ডেগাৰ লৈ চাৰিজনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস।
Assamese জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ... দৰিদ্ৰতায়ো হাৰ মনাব নোৱৰা এগৰাকী কিশোৰী। জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ। দুচকুত আকাশ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ। কণ্ঠশিল্পী হোৱাৰ অদম্য বাসনা লৈ আগবাঢ়িছে কিশোৰীগৰাকী।
Assamese হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকা হাজাৰ প্ৰতিবন্ধকতাকো নেওচি লক্ষ্যত উপনীত হ’ল কাজিৰঙাৰ এগৰাকী যুৱতী। সীমা সুৰক্ষা বাহিনীৰ জোৱান হিচাপে নিযুক্তি লাভ কৰিলে কাজিৰঙাৰ দিৰিঙৰ জ্যোতিকা কুমাৰীয়ে। এখন সাধাৰণ চাহ দোকানেৰে পৰিয়াল পোহপাল দিয়া জ্যোতিকা কুমাৰীৰ সফলতাত গৌৰৱান্বিত পৰিয়ালবৰ্গ।
Assamese মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই ৰাজ্যবাসীয়ে জুবিন গাৰ্গে ন্যায় পোৱালৈ অপেক্ষা কৰি থকা সময়তে একাংশই নামি পৰিছে জুবিন গাৰ্গৰ চৰিত্ৰহণনত। যাৰ বাবে আজি জুবিন পত্নী গৰিমাই বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সত ৰুজু কৰিছিল গোচৰ ।
Assamese ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা প্ৰথমবাৰলৈ ৱৰ্ল্ড ইকনমিক ফ’ৰামলৈ এজন অসমীয়া। ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া।