Assamese ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, কৰুণ মৃত্যু দুজনৰ ৰাজ্যত সংঘটিত এক ভয়ংকৰ, শোকাৱহ ঘটনা। অবৈধভাৱে বালি কাঢ়িওৱা দ্ৰুতবেগী ডাম্পাৰ মথাউৰিৰ পৰা বাগৰি পৰে এটা বাসগৃহত। ডাম্পাৰ বাগৰি পৰাত একে পৰিয়ালৰ দুজনে কৰুণ মৃত্যুক আঁকোৱালি লয়।
Assamese সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি ‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।
Assamese কোনে কোনে লাভ কৰিব "এটি কলি দুটি পাত" আঁচনিৰ ধন? নৱবৰ্ষত ৰাজ্যবাসীলৈ পুনৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৫ জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয়, মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি "এটি কলি দুটি পাত" আঁচনি।
Assamese সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ হিমন্ত বিশ্ব শৰ্মা অতি নিন্ম চিন্তাৰ মানুহ। অসমৰ মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ আদৰ্শত বিশ্বাসী। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেছি।
Assamese পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি! ৰাজ্যত পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি! এইবাৰ অবৈধ দখলৰ কবলত বৰপেটাৰ ঐতিহাসিক সত্ৰ। বৰপেটাৰ শ্রীশ্রী নাৰায়ণ দাস ঠাকুৰ আতা গুৰুমুখী থানত অবৈধ দখল। সত্ৰৰ বেনাৰ-ফলক ভাঙি চিঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই।
Assamese অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক ভোগালী বিহুৰ প্ৰাক ক্ষণত অসমবাসীৰ বাবে সুখবৰ। অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক। গুৱাহাটীৰ ২৩ বছৰীয়া যুৱক প্ৰজ্ঞান চক্ৰৱৰ্তীৰ নিযুক্তি লাভ। কাইলৈ অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে যোগদান কৰিব প্ৰজ্ঞান চক্ৰৱৰ্তীয়ে।
Assamese পদূলিমুখত হেঁপাহৰ ভোগালী বিহু পদূলিমুখত হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ মাঘ বিহুৰ বাবে তৎপৰতাৰ যেন অন্ত নাই অসমীয়াৰ। ৰাজ্যজুৰি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্ত। কি গাঁও, কি চহৰ সকলোতে মাঘ বিহুৰ উছাহ।
Assamese আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্ টুইষ্ট অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।
Assamese দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম।
Assamese দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এতিয়া মৌচন্দা পথাৰত দিনে-নিশাই ব্যাপক তত্পৰতা।