Assamese পুনৰ ৬৩৪৭ গৰাকীলৈ চৰকাৰী নিযুক্তি অসম চৰকাৰৰ নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ চৰকাৰী নিযুক্তি। ADREৰ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক প্ৰদান নিযুক্তি-পত্ৰ। সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে পুনৰ ঋণৰ বোজা বাঢ়িব অসমবাসীৰ। ১৩ জানুৱাৰীত পুনৰ ১ হাজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল’ব চৰকাৰে। ফেব্ৰুৱাৰীৰ ভিতৰত আৰু ৩ হাজাৰ কোটি টকা ঋণ ল’ব চৰকাৰে!
Assamese ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ যোগীঘোপাত পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ। কৰেয়া পাহাৰ আৰু ভৰালকুণ্ডী বিল গাঁৱত প্ৰশাসনে জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়। ২৩ জানুৱাৰীৰ পূৰ্বে ঘৰ-বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ প্ৰশাসনৰ।
Assamese নামাজীৰ ওপৰত আক্ৰমণ, আহত ১২ মছজিদ কমিটীৰ এক কঠোৰ সিদ্ধান্তৰ ভয়ংকৰ পৰিণতি। জুম্মা নামাজৰ শেষত নামাজীৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ। নামাজীসহ মছজিদ কমিটীৰ ১২জনকৈ সদস্য আঘাতপ্ৰাপ্ত।
Assamese জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ। ৫ জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত। চৰকাৰৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে অধিবক্তা জিয়াউৰ কামাৰক।
Assamese আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ বিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।
Assamese দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ।
Assamese বহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যু বহিঃৰাজ্যত মৃত্যু অসমৰ ২ যুৱকৰ। উত্তৰ প্ৰদেশৰ ৰেললাইনৰ সমীপত উদ্ধাৰ হাজোৰ সঞ্জীৱ ডেকা নামৰ যুৱকৰ মৃতদেহ। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত মৃত্যু ৰৌতাৰ নজৰ আলী নামৰ আন এজন যুৱকৰ।
Assamese ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত কাছাৰৰ কাটিগৰাৰ জলালপুৰত আৰক্ষীৰ জালত ৰোহিংগীয়া নাগৰিক। ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশৰ চেষ্টা ৰোহিংগীয়াকেইটাৰ। কাটিগৰাৰ জলালপুৰৰ ছাপ্লাইগেট অঞ্চলৰ পৰা আটক ৪ ৰোহিংগীয়া নাগৰিকক।
Assamese ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।