Assamese হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে হাজোত মুছলমান সম্প্ৰদায়ৰ লোকে দাঙি ধৰিলে সম্প্ৰীতিৰ আন এক উৎকৃষ্ট নিৰ্দশন। হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে। সীমাৰ পৰিধি ভাঙি সম্প্ৰীতিৰ আন এক নিৰ্দশন দেখুৱালে তীৰ্থনগৰী হাজোৰ কোঁৱৰপুৰৰ ৰাইজে।
Assamese নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী! নিশ্চিহ্ন হোৱাৰ দিশে শুৱালকুছিত থকা ঐতিহাসিক আৰিমত্ত পুখুৰী! শুৱালকুছিৰ ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো সম্প্ৰতি ডাষ্টবিনলৈ পৰ্যৱসিত হৈছে। বস্ত্ৰ নগৰী শুৱালকুছিত থকা বুৰঞ্জী সমল আৰিমত্ত পুখুৰী এতিয়া অস্তিত্বৰ সংকটত।
Assamese আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত! সাৱধান! আগন্তুক ৫ দিন প্ৰচণ্ড ঠাণ্ডাই কঁপোৱাৰ সম্ভাৱনা আছে অসমবাসীক। এই পুহমহীয়া জাৰৰ মাজতে অসমত নেৰানেপেৰা বৰষুণৰ আগজাননী। ঘন কুঁৱলীয়ে আৱৰি ৰাখিব ৰাজ্য।
Assamese স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰক স্বাভিমান, আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। দেশৰ জনতাক ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞাবিৰোধী এটাও শব্দ। বিজেপিৰ চতুৰালি এতিয়া বুজি পাইছে অসমৰ ৰাইজে। সৰৱ AJP ৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই।
Assamese বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰী অসমত উপাধিৰ মতে একো নহয়। অখিল গগৈয়ে নাজানে, এইখন অসম বেলেগ। উপাধিক লৈ কৰা ৰাজনীতি ৫০০ বছৰ পূৰ্বেই বন্ধ কৰি থৈ গৈছে শংকৰদেৱে। ৩গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
Assamese কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই? শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese বিজেপিৰ দেৱাল লিখন অভিযান ২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে বিজেপি। দেৱাল লিখনেৰে প্ৰচাৰ আৰম্ভ কৰিলে বিজেপিয়ে। সোমবাৰে খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শুভাৰম্ভ কৰে দেৱাল লিখন অভিযানৰ।
Assamese উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা। কিন্তু উচ্ছেদৰ মাজতেই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি।
Assamese প্ৰচণ্ড শীতে কঁপাব পাৰে ৰাজ্য, ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰি ৰাজ্যত সলনি হ'ব পাৰে বতৰ। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ ৰূপ সলনি হোৱাৰ আশংকা কৰা দেখা গৈছে। প্ৰচণ্ড শীতে কঁপাব পাৰে সমগ্ৰ ৰাজ্য। ঘন কুঁৱলীৰ লগতে বতাহ-বৰষুণৰ আশংকা।
Assamese মৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যু মৰিগাঁৱৰ ধৰমতুলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুগাৰীকৈ লোক। ধৰমতুল থানাৰ অন্তৰ্গত উত্তৰ খোলা মৌজাৰ বেলতলা বৰগোপ গাঁৱত নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।