Assamese মহানগৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ মহানগৰীত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ, শিহৰণকাৰী ঘটনা। গুৱাহাটীৰ হাতীগাঁৱত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। বৃহস্পতিবাৰে নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। লখিমীনগৰৰ ১২ নং ঘৰত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।
Assamese কাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰ উৎখাত কাছাৰত ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসা শিক্ষাৰ প্ৰমাণপত্ৰ প্ৰস্তত কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ডাঃ জয়ন্ত প্ৰসাদ দাসক।
Assamese মমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈ অসমলৈ ঘূৰি আহিল বিদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিওৱা যুৱক। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ বাসিন্দা মমৰ আলীক ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ কৰা হৈছিল পুছবেক।
Assamese দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Assamese এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ পিতৃৰ নামত কলংক, স্বামীৰ নামত দানৱ। পত্নী-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ২০২৩ চনত বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত হোৱা ডাবল মাৰ্ডাৰক লৈ ঐতিহাসিক ৰায়।
Assamese সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।
Assamese এদিন কৈছিল দুটা, এতিয়া বোলে তিনিটা! তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ দুটা নহয় তিনিটাকৈ সন্তান জন্ম দিয়ক! 'নগাঁৱত হ্ৰাস পাই আহিছে আমাৰ জনসংখ্যা'। 'আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
Assamese মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী 'মাতৃ-সন্তানৰ মমতাৰ প্ৰতীকেই হ'ল মিঠাতেল'। 'কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়, মিঠাতেলক লৈ মোক জুকাই'। 'এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক'। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিৰ ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’ কাৰ্যসূচী। দিলীপ শইকীয়াৰ, পবিত্ৰ মাৰ্ঘেৰিটা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাই অংশ ল'লে প্ৰতিবাদত।
Assamese শ্ৰদ্ধাঞ্জলি আঁচনিয়ে আনিলে ছোৰহাবক, কেৰালাত মৃত্যু হৈছিল দৰঙৰ ছোৰহাব আলীৰ দৰঙৰ গৰাখাট গাঁৱত শোকৰ ছাঁ। বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা ছোৰহাব আলীৰ মৃতদেহ আহি পালে নিজ বাসগৃহ। কৰ্মৰ সন্ধানত গৈ কেৰেলাত মৃত্যু হৈছিল চাৰি সন্তানৰ পিতৃ ছোৰাহাব আলীৰ। এবছৰ পূৰ্বে কেৰেলাত কাম কৰিবলৈ গৈ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় ছোৰহাবৰ।