Assamese গৰুভাষা আৰক্ষী চকীত উত্তেজনা চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীত উত্তেজনাময় পৰিস্থিতি। কোনো দুৰ্বৃত্তই এজন আদিবাসী যুৱকক কৰা আক্ৰমণৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল শ শ লোক। অপৰাধীক কৰায়ত্বৰ দাবীত আৰক্ষী চকী ঘেৰাও ৰাইজৰ।
Assamese কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি? অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ। ব্ৰহ্মপুত্ৰৰ চাপৰিত নতুনকৈ গঢ়া মোলাই কাঠনি 2.Oত অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই। জ্বলি ছাই হ’ল চাপৰিটোত নতুনকৈ ৰোপণ কৰা শ শ গছপুলি।
Assamese দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুযায়ী দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম। বিগত ৫টা বৰ্ষত অসমৰ বিকাশৰ হাৰ ৪৫শতাংশলৈ বৃদ্ধি। RBIৰ পৰিসংখ্যা অনুসৰি ২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ জি এছ ডি পি প্ৰায় ৪৫ শতাংশ বৃদ্ধি পাইছে।
Assamese মিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্ সিদ্ধান্ত ’২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃহত্ সিদ্ধান্ত। ’২৬ৰ নিৰ্বাচনত ১০০খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। এইপৰ্যন্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা হোৱা নাই যদিও আসন বুজাবুজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।
Assamese অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শংকৰদেৱৰ লগত আজান পীৰ লগত থাকিলে অসমীয়া জাতি দুৰ্বল হৈ নপৰে। লগতে বাঘ হাজৰিকাৰ অস্তিত্ব নাইকীয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্ন আমছুৰ।
Assamese জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়া জুবিন গাৰ্গ বিহীন ১০০টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ নামৰ সত্বাটোক অসমীয়াই কোনোকালে নাপাহৰে, পাহৰিব নোৱাৰে। এতিয়া মাথো অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়।
Assamese ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো? ভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি আপোনাৰ ভোটাৰ তালিকাত বিসংগতি আছে তেনেহলে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ আপোনাৰ হাতত আছে আৰু কেইটামান দিন। ইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন।
Assamese আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। চৰকাৰী সময়সূচী অনুসৰি আজি নিশা গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে।
Assamese ১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড ১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিলে আয়াজ আজিলে। দেৱ শিশুৰ বিস্ময়ক প্ৰতিভাত এতিয়া গৌৰৱান্বিত সকলো।
Assamese ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি... প্ৰতিবছৰে বছৰৰ শেষৰ ফালে দেখা যায় বনভোজস্থলীসমূহত বনভোজপ্ৰেমীৰ ভিৰ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ৰাজ্যৰ ‘পিকনিক স্পট’বোৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। বনভোজ খোৱা লোকেৰে ভৰি পৰিছে বনভোজস্থলীসমূহ।