Assamese পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত দুই অসহায় পিতৃ-মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক মোকলাই দিবলৈ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ মাতৃৰ। কিন্তু পুত্ৰক বিচাৰি অহা অসহায় মাতৃক লাঠী দেখুৱাই খেদি পঠিয়ালে আৰক্ষীয়ে।
Assamese বাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGP বুধবাৰে বাক্সাৰ নিকাছিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল প্ৰচণ্ড হতাহতি। তাৰ মাজতেই DGPৰ চাঞ্চল্যকৰ মন্তব্য- বাক্সাৰ নিকাছিৰ এই ঘটনাত জড়িত আছিল তৃতীয় পক্ষ।
Assamese ‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট।
Assamese সলনি হ'ল ঠিকনা। নতুন কাৰাগাৰৰ আলহী শ্যামকানু, সিদ্ধাৰ্থ... সলনি হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতৰ ঠিকনা। আজিৰে পৰা বাক্সা জিলা কাৰাগাৰৰ আলহী শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। ইজনকে।
অসম CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আজি CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। । জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পূৰ্বে ১৪ দিনৰ SITৰ জিম্মাত আছিল ।
Assamese ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ আছু কৰ্মীয়ে সাৱ্যস্ত কৰে প্ৰতিবাদ।
Assamese বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত? BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
Assamese SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে? বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
Assamese জনজাতিকৰণ লাগিবই! অন্যথা বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ এইবাৰ আদিবাসীয়ে কঁপাই তুলিব ঢেকীয়াজুলিৰ ৰাজপথ। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ ঢেকীয়াজুলিত বৃহৎ আন্দোলনৰ হুংকাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ।
Assamese মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।