Assamese যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাই অসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান নাই৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব। কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অসমত এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল।
Assamese মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে? নিশ্চিত হোৱা নাই অগপ-বিজেপিৰ মাজত আসন বুজাবুজি। কোনকেইটা সমষ্টি পাব অগপই? কোন সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে? ৰাজ্যৰ ভিন্ন সমষ্টিত দুয়োটা দলৰ মাজত আসনক লৈ চলিছে টনা-আজোৰা।
Assamese ভেৰগাঁৱৰ ডিমাকুছিত হাতী-মানুহৰ সংঘাত ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভূটান সীমান্তবাসীয়ে। ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস, ভেৰগাঁৱৰ ডিমাকুছিত একেদিনাই গৃহহাৰা পাঁচটাকৈ পৰিয়াল।
Assamese আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱস গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২৩ সংখ্যক মৃত্যু দিৱস। গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
Assamese কাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা কাজিৰঙাৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা। পৰম্পৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত মত্স্য চিকাৰত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শেহতীয়াকৈ এক নিৰ্দেশনাযোগে চৰকাৰক নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
Assamese চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি । ধন নিদিলে আঁচনিৰ সুবিধা নাপায় হিতাধিকাৰীয়ে। PMAY, অৰুণোদয়কে ধৰি সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। ধন নিদিলে তালিকাৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তনৰো দিয়ে ভাবুকি।
Assamese পোৱা নাই মহিলা উদ্যমিতা আঁচনি মহিলা উদ্যমিতা আঁচনিক লৈ বিতৰ্কৰ সূত্ৰপাত! মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদ। চৰকাৰে প্ৰদান কৰা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত ৫ শতাধিক মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। নিজৰ প্ৰাপ্য ধন নিশ্চিত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ বঞ্চিত মহিলা।
Assamese দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন কামৰূপৰ পছৰীয়াত জীৱশ্ৰেষ্ঠৰ চৰম অমানৱীয় কাণ্ড। পছৰীয়াত সংঘটিত এক জঘন্য আৰু অমানৱীয় ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পছৰীয়াৰ দিবাকৰ কলিতা নামৰ লোকজনে অতি কষ্টৰে গঢ়ি তোলা এখন ছাগলী ফাৰ্মত দুৰ্বৃত্তই বিষ দি একেলগে ৭৫টাকৈ ছাগলী নিধন কৰে।
Assamese সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান! নৱবৰ্ষক আদৰণিৰ নামত সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। হাতত ব্ৰেথ এনালাইজাৰ লৈ অভিযানত নামিছে আৰক্ষী। নিশা জনতা ভৱনৰ সন্মুখত দিছপুৰ আৰক্ষীৰ অভিযান।
Assamese নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত বৃহত্ সমদল। কেইবাটাও দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সন্মিলন। বিশেষ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।