Assamese নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত বৃহত্ সমদল। কেইবাটাও দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সন্মিলন। বিশেষ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
Assamese ২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন ৰে'ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ভাৰাৰ বাবদত আৰু অলপ বেছিকৈ ধন খৰচ কৰিব লাগিব। ভাৰতীয় ৰে'লৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰাৰ কথা ঘোষণা কৰিছে।
Assamese বৰদিন উদযাপনত বাধা বৰদিন উদযাপনত বাধা দি বিপদত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ নেতা! বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ ৪ নেতাক আটক কৰে আৰক্ষীয়ে। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বৰদিনৰ সামগ্ৰী জ্বলাই দিছিল দলটোৱে।
Assamese জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ! বাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ কিয়? '২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই- চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। অন্যথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব আন্দোলন। বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ আক্ৰাছুৰ।
Assamese কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক... বাংলাদেশী খেদাৰ কথা কৈ নিৰ্বাচনত জয়ী হোৱা বিজেপিতেই আছে বাংলাদেশী বিধায়ক। বাংলাদেশীক খেদাটো বাদেই, বাংলাদেশীক এতিয়া বিধায়ক পাতে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত বাঢ়িছে বাংলাদেশীৰ সংখ্যা!
Assamese চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম! চিটীবাছৰ অতপালিৰ বাবে জনতাই আৰু দুৰ্ভোগ ভুগিব নালাগে। মহানগৰীৰ চিটীবাছত আহিল জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। ৰাজপথত দ্ৰুতবেগেৰে চিটীবাছ চলালেই বিপদত পৰিব চালক। লগতে নিৰ্দিষ্ট ষ্টপেজতহে এক মিনিটৰ বাবে চালকে চিটীবাছ ৰখাব পাৰিব।
Assamese অপেক্ষাৰ অন্ত! ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী আজিৰে পৰা আৰম্ভ হ'ল BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফী। বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। সুদীৰ্ঘ ৭ আৰু ১৫ বছৰৰ অন্তত ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী।
Assamese অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা এতিয়াও অশান্ত হৈ আছে কাৰ্বি ভূমি। সান্ধ্য আইন জাৰি কৰাৰ পাছতো শাম কটা নাই খেৰনিৰ পৰিস্থিতি। অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙত এইপৰ্যন্ত দুজনকৈ যুৱকৰ মৃত্যুৰ খবৰ। পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
Assamese খেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ খেৰণিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। ৰাবাৰ বুলেট, কন্দুৱা গেছো প্ৰয়োগ কৰে আৰক্ষীয়ে। পুৱাৰে পৰা খেৰণিৰ কপিলী দলঙৰ পাৰত স্পৰ্শকাতৰ পৰিস্থিতি। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে।
Assamese বাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ! বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।