Assamese ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ আছু কৰ্মীয়ে সাৱ্যস্ত কৰে প্ৰতিবাদ।
Assamese বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত? BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
Assamese SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে? বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
Assamese জনজাতিকৰণ লাগিবই! অন্যথা বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ এইবাৰ আদিবাসীয়ে কঁপাই তুলিব ঢেকীয়াজুলিৰ ৰাজপথ। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ ঢেকীয়াজুলিত বৃহৎ আন্দোলনৰ হুংকাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ।
Assamese মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
Assamese নাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড নাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
Assamese জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
Assamese নিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতী সদ্য ঘোষিত ৰাজ্য চৰকাৰৰ ADR পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে৷
Assamese প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি ৰাজ্যত মুকলি হ'ল CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনি। অসমৰ পৰা প্ৰথম পৰ্যায়ত ৫০ হাজাৰ যুৱক-যুৱতীক পঠিওৱা হ'ব জাপানলৈ। প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি কৰিব পাৰিব জাপানত।
Assamese জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান জুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।