Assamese শিলচৰত চলিল প্ৰশাসনৰ বুলড’জাৰ, ভাঙি পৰিল কেইবামহলীয়া অট্টালিকা কেইবামহলীয়া ভৱনত চলিছে প্ৰশাসনৰ বুলড’জাৰ। প্ৰশাসনৰ চকুৰ পৰা সাৰি যোৱা নাই পথৰ কাষৰ সৰু–বৰ দোকানো। পথ নিৰ্মাণৰ বাবে শিলচৰৰ তাৰাপুৰত অবৈধভাৱে নিৰ্মিত ঘৰ–দোকানত চলিল উচ্ছেদ।
Assamese যুদ্ধৰ প্ৰস্তুতি! ডিব্ৰুগড়ৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমান এক বিৰল মুহূৰ্তৰ সাক্ষী হ’ল ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ৰ আকাশত আজি দেখিবলৈ পোৱা গ’ল ইখনৰ পিছত সিখন যুঁজাৰু বিমান। যেন একপ্ৰকাৰ যুদ্ধৰ বাবে প্ৰস্তুতিহে চলালে ভাৰতীয় বায়ুসেনাই। ইখনৰ পিছত সিখন যুদ্ধ বিমানৰ উৰণ দেখি গৌৰৱত বুকু ফুলি উঠিল ডিব্ৰুগড়বাসীৰ।
Assamese আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ। আজি ১০ ডিচেম্বৰ, ছহিদ দিৱস। ছহিদ দিৱসৰ দিনাই অসমবাসীক সংকল্প লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বৰাগাঁৱত ছহিদ স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিলে অচিনাকি লোকৰ বিৰুদ্ধে পুৰণি যুদ্ধখন।
Assamese নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি নীলা জাৰ্ছিত আধিপত্য অব্যাহত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। শেহতীয়া ICCৰ ৰেংকিঙত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটাৰৰ দপদপনি। ICCৰ এদিনীয়া ৰেংকিঙত ৰোহিত শৰ্মা শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী।
Assamese লুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোক গুৱাহাটীত লুইতৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ লুইতত একেলগে সন্ধানহীন ৫ জনকৈ লোক। খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। তাৰ পাছতেই গা ধুবলৈ নামিছিল ব্ৰহ্মপুত্ৰত। ভয়ংকৰ ঘটনাক লৈ খাৰঘূলিত হাহাকাৰ।
Assamese ভূমি কেন্দ্ৰিক সংঘাতক লৈ ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতক লৈ গোলকগঞ্জৰ বালাজান ডুমৰদহত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। ভয়ংকৰ ঘটনাত কেইবাজনো আহত, ঘৰ জলাই দিয়াৰো অভিযোগ।
Assamese মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে ৰফিকুল ইছলামক ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে এটি ৬ বছৰীয়া শিশুক। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যুক আকোৱালি লয় ৰফিকুল ইছলাম নামৰ শিশুটোৱে। দুৰ্ঘটনাক লৈ বকোৰ ছমৰীয়া বদলাত উত্তপ্ত পৰিস্থিতি।
Assamese প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান প্ৰাণৰ আপোন জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান। শিল্পীগৰাকীৰ অবৰ্তমানত কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক প্ৰদান কৰা হয় এই সন্মান।
Assamese পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ পুনৰ চৰকাৰী ঘৰ লাভ কৰিব লাখ লাখ লোকে। জিঅ’ টেগিং হৈ যোৱা লোকসকলে পৰৱৰ্তী পৰ্যায়ত পাব বিনামূলীয়া ঘৰ। ৰাজ্যত কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে পাব PMAYৰ ঘৰ- মুখ্যমন্ত্ৰী।
Assamese পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব জোঙালবলহু গড় পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব ৰহাৰ জোঙালবলহু গড়। অচিৰেই আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলকি উঠিব ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় ৷ ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে।