Advertisment

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি। ৰাজনৈতিক মহলত শোকৰ ছাঁ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। বহুদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।

 Photograph: (the economic times)
Photograph: (the economic times)

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি। ৰাজনৈতিক মহলত শোকৰ ছাঁ

Advertisment

Also Read.....নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭জন, আহত ২৪জন


প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। বহুদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। কলকাতাৰ নিউ টাউনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে মাজ নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। 

মুকুল ৰায়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই তেওঁৰ অনুগামীসকলে চিকিৎসালয়খনৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে বহুতে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে। মুকুল ৰায় এটা সময়ত তৃণমূল কংগ্ৰেছৰ ‘ছেকেণ্ড ইন কমাণ্ড’ হিচাপে পৰিচিত আছিল। ১৯৯৮ চনত তৃণমূল কংগ্ৰেছ গঠন হোৱাৰ পিছত তেওঁ দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। ৰাজ্যসভাৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। মুকুল ৰায়ে ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ দায়িত্বতো আছিল।

Also Read...'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰী

এটা সময়ত তেওঁক ‘তৃণমূল ৰাজনীতিৰ চাণক্য’ বুলিও কোৱা হৈছিল। বহু সময়ত বহু বিতৰ্কতো নাম সাঙোৰ খাইছিল তেওঁৰ। ২০১৭ চনত মুকুল ৰায়ে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কৃষ্ণনগৰ উত্তৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰিছিল আৰু প্ৰায় ৩০ হাজাৰ ভোটত জয়লাভ কৰিছিল।  কিন্তু নিৰ্বাচনৰ পিছত তেওঁ পুনৰ নিজৰ পুৰণি দল তৃণমূললৈ ঘূৰি আহিছিল।

Advertisment

Also Read.....'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ


মুকুল ৰায়ৰ পুত্ৰ শুভ্ৰাংশু ৰায়ে জনোৱা মতে, দেওবাৰে নিশা ১:৩০ বজাত তেওঁৰ পিতৃৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱাৰ পিছত তেওঁৰ শেষকৃত্য সোমবাৰে সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।

Advertisment
Advertisment