Advertisment

জে’লৰ পৰা মুক্তি পাবলৈ কিমান কোটি টকা জমা দিব লগা হ'ল অভিনেতা ৰাজপাল যাদৱে ?

খবৰ অনুসৰি, মুঠ ২.৫ কোটি টকা জমা কৰি সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে। দিল্লী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে

 Photograph: (you tube)
Photograph: (you tube)

জে’লৰ পৰা মুক্তি পাবলৈ কিমান কোটি টকা জমা দিব লগা হ'ল অভিনেতা ৰাজপাল যাদৱে ?

Advertisment

Also Read....ভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ!

অৱশেষত তিহাৰ জে’লৰ পৰা মুক্তি লাভ কৰিলে ৰাজপাল যাদৱে ! ৯ কোটি টকাৰ চেক বাউঞ্চ গোচৰত আদালতৰ নিৰ্দেশমৰ্মে তিহাৰ জে'লত আত্মসমৰ্পণ কৰিব লগা হৈছিল বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱে। খবৰ অনুসৰি, মুঠ ২.৫ কোটি টকা জমা কৰি সোমবাৰে জামিন লাভ কৰে ৰাজপাল যাদৱে। দিল্লী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

শেষৰটো কিস্তিত অভিনেতাগৰাকীয়ে জমা কৰিছিল ১.৭৫ কোটি টকা। ইয়াৰ পূৰ্বে তেওঁ ৭৫ লাখ টকা দিছিল। মুঠ ২.৫ কোটি টকা ঘূৰাই দিবলৈ সক্ষম হয় ৰাজপালে। ৰাজপাল যাদৱে তিহাৰ জে'লত আত্মসমৰ্পণ কৰাৰ খবৰে দেশবাসীৰ লগতে বলীউডতো চৰ্চা লাভ কৰিছিল। ৰাজপাল যাদৱৰ বিপদৰ সময়ত বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ৰাজপাল যাদৱৰ কাষত থিয় দিছিল। আৰু ইয়াৰ ফলত অভিনেতাগৰাকীয়ে ইতিমধ্যে চেক বাউঞ্চ গোচৰত বকেয়া ধনৰ আধাখিনি নিষ্পত্তি কৰিছে। শুভাকাংক্ষীৰ সহায়ত সোমবাৰে ঋণমুক্ত হ'ব ৰাজপাল যাদৱ। 

Also Read...গুৱাহাটীত CRPF দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা !

যদিওবা আইনী যুঁজ চলি আছে তাৰ মাজতো যাদৱে আপাততঃ জামিনত মুকলি হৈ কিছু সকাহ লাভ কৰিছে। ৰাজপাল যাদৱ সন্দৰ্ভত বিজেন্দৰ সিঙে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট দি লিখিছে, "মই প্ৰকৃত প্ৰতিভাক সন্মান কৰো। ভাৰতীয় চিনেমালৈ ৰাজপাল যাদৱে বহুখিনি অৱদান আগবঢ়াইছে। বিভিন্ন চৰিত্ৰৰ জৰিয়তে তেওঁ আমাৰ মুখত হাঁহি বিৰিঙাইছে। মই মোৰ পৰৱৰ্তী ছবিত ৰাজপাল যাদৱক অভিনেতা হিচাপে ল'ব বিচাৰো। ছবিখনৰ পৰিচালক হৈছে সঞ্জু ছাইনী।"

বলীউডৰ কেইবাগৰাকীও তাৰকাই ৰাজপালৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা দেখা পোৱা গৈছে। ইয়াৰ ভিতৰত আছে ছলমান খান, অজয় দেৱগন, ছনু ছুদ, গুৰমীত চৌধুৰী আৰু গায়ক মিকা সিং।

Also Read...মণিপুৰৰ হিংসাত আহত হোৱা বিজেপি বিধায়কৰ মৃত্যু

২০১২ চনৰ পৰা আৰম্ভ হৈছিল ৰাজপাল যাদৱৰ এই আৰ্থিক সংকট। কাৰণ সেই বছৰটোতে তেওঁ ‘আতা পাতা লাপাতা’ ছবিখন পৰিচালনা কৰিছিল। ছবিখন বক্স অফিচত ফ্লপ হৈছিল।  ছবিখন ফ্লপ হোৱাত তেওঁ ঋণৰ টকা ঘুৰাই দিব নোৱাৰাত ঋণৰ পৰিমাণ হয় গৈ ৯ কোটি টকা। ২০২৪ বৰ্ষত তেওঁক পুনৰ দোষী সাব্যস্ত কৰা হৈছিল আৰু ৰাজপাল যাদৱৰ শাস্তি সাময়িকভাৱে স্থগিত ৰখা হৈছিল। আদালতে সময় দিয়াৰ পিছতো অভিনেতাগৰাকীয়ে ঋণৰ পৰিমাণ পৰিশোধ কৰিব নোৱাৰাত তিহাৰ জে'লত আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল। খবৰটো বিয়পি পৰাৰ পাছতেই ৰাজপালৰ শুভাকাংক্ষী ওলাই আহি সহায়ৰ হাত আগবঢ়ায় আৰু অৱশেষত ২.৫ কোটি টকা ঘূৰাই দিবলৈ সক্ষম হয়।

Advertisment
Advertisment