Assameseভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ!ভূপেন বৰাৰ বিজেপি গমনৰ পিছতে বিজেপি দলত আৰম্ভ বিদ্ৰোহ! বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াটো বিচৰা নাই একাংশ বিজেপি কৰ্মীয়ে। একাংশ বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে ক্ষোভ।Jyotiprasad Sarma Feb 21, 2026 15:09 ISTভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ! বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্বৰ বিৰোধিতা একাংশৰভূপেন বৰাৰ বিজেপি গমনৰ পিছতে বিজেপি দলত আৰম্ভ বিদ্ৰোহ! বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াটো বিচৰা নাই একাংশ বিজেপি কৰ্মীয়ে। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি চলা চৰ্চাৰ মাজতে বিহপুৰীয়াত একাংশ বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে ক্ষোভ।Advertismentকাইলৈ অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই আনুষ্ঠানিকভাৱে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত। ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই বিজেপি দলত আৰম্ভ হৈছে বিদ্ৰোহ! বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ওলোৱা খবৰৰ পিছতে একাংশ বিজেপি কৰ্মীয়ে ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। এই খবৰৰ চৰ্চাৰ মাজতে বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে ক্ষোভ। ‘বিহপুৰীয়াত খিলঞ্জীয়া, ভূমিপুত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী’ বুলি ক্ষোভ উজাৰে একাংশ কৰ্মীয়ে। সমষ্টিৰ মাটি, পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে ভূপেন বৰাক টিকট প্ৰদান কৰিলে বিকল্প সন্ধান কৰিব বুলি উল্লেখ কৰে একাংশ বিজেপিৰ কাৰ্যকৰ্তাই। ভূপেন বৰাক টিকট দিয়াৰ চৰ্চাৰ মাজতে বিজেপিৰ ভিতৰচ'ৰাত ব্যাপক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে এতিয়া। সমষ্টিটোত ভূপেন বৰাক আদৰি নলয় বুলি কয় বিজেপিৰ কাৰ্যকৰ্তাসকলে। বহিৰাগত তথা সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে একাংশ দলীয় কাৰ্যকৰ্তাই৷ সমষ্টিৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে৷ AdvertismentAdvertisment Read the Next Article