Assameseতিহাৰ জে’লত আত্মসমৰ্পণ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰচেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়। চেক বাউন্স গোচৰত শাস্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিছতে বলীউড অভিনেতা ৰাজপাল যাদৱে বৃহস্পতিবাৰে তিহাৰ জে’ল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে।Estafur Rahman Feb 06, 2026 16:39 ISTচেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়। চেক বাউন্স গোচৰত শাস্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিছতে বলীউড অভিনেতা ৰাজপাল যাদৱে বৃহস্পতিবাৰে তিহাৰ জে’ল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে।AdvertismentAlso Read....গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?চেক বাউন্সৰ গোচৰত শাস্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অমান্তি হোৱাৰ পিছতেই কালি অৰ্থাত বৃহস্পতিবাৰে তিহাৰ জে’ল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱে। খবৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ মান বজাত অভিনেতা ৰাজপাল যাদৱে জে’ল কৰ্তৃপক্ষৰ আগত আত্মসমৰ্পণ কৰে।উল্লেখ্য যে, আদালতে ৰাজপাল যাদৱক চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰী বুধবাৰে ৪ বজাৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। যদিও আত্মসমৰ্পণৰ সময়সীমা ৪ ফেব্ৰুৱাৰীলৈ আছিল, কিন্তু অভিনেতাজনৰ অধিবক্তাই আদালতত ৫০ লাখ টকা যোগাৰ কৰি ধন পৰিশোধ কৰাৰ বাবে আৰু এসপ্তাহৰ সময় বিচাৰিছিল। অধিবক্তাগৰাকীৰ এনে আবেদনক ন্যায়াধীশে নাকচ কৰি কয় যে, আত্মসমৰ্পণৰ সময় বৃদ্ধি কৰাৰ বাবে ইয়াত কোনো যুক্তিসংগত ভিত্তি নাই।Also Read...কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড!আচলতে ৰাজপাল যাদৱৰ লগত হৈছিল কি ?এই গোচৰটোৰ মূল ঘটনা আছিল ২০১০ চনৰ। অভিনেতা ৰাজপাল যাদৱে তেওঁৰ নিজস্ব পৰিচালিত একমাত্ৰ ছবি ‘আতা পাটা লাপাতা’ নিৰ্মাণৰ বাবে M/s Murali Projects Private Limited নামৰ কোম্পানী এটাৰ পৰা ৫ কোটি টকাৰ ঋণ লৈছিল। পৰৱৰ্তী সময়ত অভিনেতা ৰাজপাল যাদৱে ঋণৰ ধন ঘূৰাই দিব পৰা নাছিলে। ঋণৰ ধন ঘূৰাই দিব নোৱাৰাত কোম্পানীটোৱে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল। অভিযোগ অনুসৰি, ধন পৰিশোধৰ বাবে দাখিল কৰা ৰাজপাল যাদৱৰ সকলো চেক বাউন্স হৈছিল।Also Read...মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকইয়াৰ ফলস্বৰূপে অভিনেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰাত গোচৰ ৰুজু কৰা হয়। আদালতৰ নিৰ্দেশ অনুসৰি এতিয়া ৰাজপাল যাদৱে তিহাৰ জে’লত শাস্তি ভোগ কৰিব লাগিব।ইয়াৰ পূৰ্বেও ৰাজপাল যাদৱে ৬ মাহ তিহাৰ জে’লত থাকিব লগা হৈছিল। AdvertismentAdvertisment Read the Next Article