Assamese২০২৪ৰ বিশ্বকাপৰ খেলিবলৈ সুযোগ নাপালো, তেতিয়াই সপোন দেখিছিলো...ক্ৰিকেট সচাকৈয়ে অনিশ্চয়তাৰ খেল। ২২ গঁজে কেতিয়া আপোনাক হিৰো সজাই আৰু কেতিয়া জি'ৰ বুজাটো কঠিন। সৌ-সিদিনালৈকে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ পৰাও বঞ্চিত হৈছিল সঞ্জু চেমছন। এইজন সঞ্জু চেমছনেই আজি টীম ইণ্ডিয়াৰ বিশ্ববিজয়ৰ অন্যতম নায়ক। Mrinmoy Talukdar Mar 09, 2026 15:14 ISTFile Photo২০২৪ৰ বিশ্বকাপৰ খেলিবলৈ সুযোগ নাপালো, তেতিয়াই সপোন দেখিছিলো...ক্ৰিকেট সচাকৈয়ে অনিশ্চয়তাৰ খেল। ২২ গঁজে কেতিয়া আপোনাক হিৰো সজাই আৰু কেতিয়া জি'ৰ বুজাটো কঠিন। সৌ-সিদিনালৈকে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ পৰাও বঞ্চিত হৈছিল সঞ্জু চেমছন। এইজন সঞ্জু চেমছনেই আজি টীম ইণ্ডিয়াৰ বিশ্ববিজয়ৰ অন্যতম নায়ক। AdvertismentRead More- 'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়াআহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডক ৯৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে। একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী হোৱা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হ'ল টীম ইণ্ডিয়া।Read More- 'ভগৱানে লিখাবোৰ কোনেও সলাব নোৱাৰে, আজি মই বিশ্ব চেম্পিয়ন'টীম ইণ্ডিয়াৰ এই বিশ্ববিজয়ৰ অন্যতন নায়ক হৈছে অপেনাৰ বেটাৰ সঞ্জু চেমছন। কাৰণ এইবাৰৰ বিশ্বকাপত ৫ খন মেচত তিনিটা অৰ্ধশতকৰ সহায়ত চেমছনে সংগ্ৰহ কৰিছে মুঠ ৩২১ ৰান। যাৰ বাবে প্লেয়াৰ অৱ দ্যা ছিৰিজৰ সন্মানো লাভ কৰিলে চেমছনে।AdvertismentRead More- বিশ্ববিজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুলৰকিন্তু সঞ্জু চেমছনৰ বাবে টি-২০ বিশ্বকাপত স্থান লাভ কৰাটো সহজ নাছিল। কাৰণ টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত ৫খন মেচৰ টি-২০ শৃংখলাত চেমছনৰ বেটৰ পৰা আহিছিল মাত্ৰ ৪৬ ৰান। যাৰ বাবে বিশ্বকাপৰ আৰম্ভণিৰ লীগ পৰ্যায়ৰ খেলত মূল একাদশত স্থান লাভ কৰা নাছিল চেমছনে।Read More-'যশ্বী যেচা কোই নহী', ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়াকিন্তু তাৰ মাজতেই অভিষেক শৰ্মাৰ অসুস্থতাৰ বাবে মূল একাদশত সুযোগ পাইছিল চেমছনে। আৰু এই সুযোগৰ সৎ ব্যৱহাৰ কৰি ৫ খন মেচত তিনিটা অৰ্ধশতকৰ সহায়ত চেমছনে সংগ্ৰহ কৰিছে মুঠ ৩২১ ৰান। তাৰ ভিতৰত চুপাৰ ৮ৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫০টা বলত অপৰাজিত ৯৭ ৰানৰ ইনিংছ, ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৪২টা বলত ৮৯ ৰাণৰ ইনিংছ আৰু দেওবাৰে ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪৬টা বলত ৮৯ ৰাণৰ বিধ্বংসী ইনিংছ খেলি টীম ইণ্ডিয়াৰ বিশ্ববিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল'লে চেমছনে। AdvertismentRead More- 'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?প্লেয়াৰ অৱ দ্যা ছিৰিজৰ সন্মান লাভ কৰাৰ পাছত চেমছনে ক'লে- "মোৰ বাবে এয়া সপোন। মই অত্যন্ত সুখী আৰু কৃতজ্ঞ। মই এতিয়া শব্দহীন আৰু মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই। মই ২০২৪ৰ বিশ্বকাপৰ দলত আছিলো যদিও খেলিবলৈ সুযোগ নাপালো। তেতিয়াই মই সপোন দেখিছিলো যে এদিন ময়ো বিশ্বকাপ খেলিম। যাৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিছিলো। হয়তো ভগৱানেও মোৰ বাবে আন এখন চিত্ৰনাট্য লিখি ৰাখিছিল। "Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটলগতে চেমছনে ক'লে, "নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ছিৰিজৰ পিছত মই সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিলোঁ। এনে লাগিছিল যেন মোৰ সকলো সপোন ছিন্নভিন্ন হৈ গ'ল। মই ভাবি আছিলোঁ ইয়াৰ পিছত কি কৰিম। বহু প্ৰাক্তন খেলুৱৈয়ে মোৰ সৈতে যোগাযোগ কৰি মোক সহায় কৰিবলৈ চেষ্টা কৰিছিল। যোৱা কেইমাহ মানৰ পৰা মই শচীন টেণ্ডুলকাৰ ছাৰৰ সৈতে অহৰহ যোগাযোগত আছিলো। তেওঁৰ সৈতে মই কথা পাতিছিলো। গতিকে শচীন ছাৰৰ দৰে কিংবদন্তি এজনৰ পৰা গাইডেন্স লাভ কৰাতকৈ গুৰুত্বপূৰ্ণ মোৰ বাবে আৰু কি হ'ব পাৰে? Advertisment Read More AdvertismentAdvertisment Read the Next Article