Assamese লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
Assamese কয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী? প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট। মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম।’ ডাঙৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR ২০২৬ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত নহয় SIR৷ SIRৰ পৰিৱৰ্তে অসমত হ'ব SR। ঘোষণা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ।
Assamese ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল ! ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব নেকি সংখ্যালঘু ৰাজনৈতিক দল? বিহাৰত AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন আজমলৰ। AIMIMৰ সৈতে মিত্ৰতাৰে ‘২৬ৰ নিৰ্বাচন খেলাৰ ইংগিত AIUDFৰ।
LiveAssamese বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক... বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন ধূলিসাৎ। বিহাৰৰ ২৪৩ আসনৰ সৰ্বাধিক আসনতে জয় NDA মিত্ৰজোঁটৰ। বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিকে শেষ কৰিলে বিৰোধীক। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?
Assamese অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক আনন্দ মিশ্ৰ, ৰিয়েল লাইফৰ সিংঘম ! আনন্দ মিশ্ৰ এতিয়া হ'ল বিধায়ক। আনন্দ মিশ্ৰ এতিয়া বিহাৰৰ জনপ্ৰতিনিধি। আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন অৱশেষত পূৰ হ'ল।
Assamese বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী।
Assamese বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন... একালৰ মিত্ৰদলৰে সংঘাত। উমি উমি জ্বলিছে ক্ষোভৰ জুই। বিজেপিক প্ৰত্যাহ্বান জনাব এইবাৰ UPPL-এ! ’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL, BTCৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰাৰ্থিত্ব দিব UPPL-এ।
Assamese একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ? বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
Assamese বিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে।