Assameseভোটৰ সময়ত ভোটাৰক দিয়া টকা, উপহাৰ ঘূৰাই বিচাৰি পৰাজিত প্ৰাৰ্থীৰ হাহাকাৰতেলেংগানাৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পিছতেই ৰাজ্যখনত সৃষ্টি হৈছে এক অদ্ভুত ঘটনা। নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থীয়ে এতিয়া ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিতৰণ কৰা টকা, উপহাৰ ঘূৰাই বিচাৰি লগাইছে হাহাকাৰ।Estafur Rahman Feb 22, 2026 18:22 ISTPhotograph: (the economic times)ভোটৰ সময়ত ভোটাৰক দিয়া টকা, উপহাৰ ঘূৰাই বিচাৰি পৰাজিত প্ৰাৰ্থীৰ হাহাকাৰAlso Read....প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানতেলেংগানাৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ এসপ্তাহ হৈছে। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যখনত সৃষ্টি হৈছে এক আচৰিত ঘটনা। নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থীয়ে এতিয়া ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিতৰণ কৰা টকা,উপহাৰ ঘূৰাই বিচাৰি লগাইছে হাহাকাৰ। প্ৰথমে এই ঘটনা অতি গোপনীয়ভাৱে একপ্ৰকাৰ ভোটাৰক অনুৰোধ কৰি টকা, উপহাৰ ঘূৰাই বিচাৰিছিল। কিন্তু লাহে লাহে ঘটনাটো সকলোৱে জানিব পাৰে আৰু ইয়াৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থী বা তেওঁলোকৰ আত্মীয়ই ভোটাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ধন ওভতাই বিচৰাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। Advertismentৰাজ্যখনৰ মেদচাল মালকাজগিৰি, খাম্মাম, সূৰ্যপেট, পেড্ডাপল্লী আদিকে ধৰি কেইবাখনো জিলাৰ পৰা প্ৰাৰ্থী আৰু বাসিন্দাৰ মাজত এইধৰণৰ কথাকলৈ সংঘাত হোৱাৰ খবৰ বিয়পি পৰিছে।ঘটনা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলে অভিযোগ কৰি কয় যে, তেওঁলোকে কেতিয়াও প্ৰাৰ্থীৰ পৰা স্ব-ইচ্ছাই টকা বা উপহাৰ দাবী কৰা নাছিল। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলে নিজে আহি তেওঁলোকক দি গৈছিল।Also Read....জুবিন মৃত্যুৰ গোচৰ ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম-মুখ্যমন্ত্ৰীদ্যা ইকোনমিক টাইমছত প্ৰকাশিত হোৱা খবৰ অনুসৰি, ১০ ফেব্ৰুৱাৰীৰ ভোটগ্ৰহণৰ পূৰ্বে একাংশ প্ৰাৰ্থীয়ে প্ৰতিটো ভোটৰ বিনিময়ত ভোটাৰক ২৫০০ৰ পৰা ৩০০০ টকা পৰ্যন্ত নগদ ধন বিতৰণ কৰিছিল। ইয়াৰ উপৰিও মহিলা ভোটাৰক প্ৰলোভিত কৰিবলৈ প্ৰেচাৰ কুকাৰ আৰু শাৰী আদিও বিতৰণ কৰা হৈছিল। কিন্তু নিৰ্বাচনৰ ফলাফলত পৰাজিত হোৱাৰ পাছত এতিয়া প্ৰাৰ্থী সকলে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে যে, ভোটাৰসকলে আমাক প্ৰতিশ্ৰুতি দিও ভোট নিদিলে। ভোটৰ সময়ত আমাৰ পৰা ধনলৈও আমাক ভোট নিদিলে কাৰণে আমি দিয়া টকা আৰু উপহাৰ আমাক ঘূৰাই দিব লাগে। Also Read...হাতীৰ গচকত কৰুণ মৃত্যু এজনৰমেদচাল মালকাজগিৰি জিলাত ভোট গণনাৰ পিছদিনাই পৰাজিত প্ৰাৰ্থীয়ে ভোটাৰৰ ঘৰত সোমাই ধন বিচাৰি হুলস্থূল লগোৱাৰ খবৰ বিয়পি পৰে। একেদৰে হায়দৰাবাদৰ ওচৰৰ য়েলাম্পেট পৌৰসভাৰ এগৰাকী পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ স্বামীয়ে ভোটাৰক এক আচৰিত চৰ্ত দিছে, তেওঁলোকে লৈ যোৱা ধন হয় ঘূৰাই দিব লাগে, নহ'লে ভগৱানৰ নামত শপত খাব লাগে যে তেওঁলোকে সঁচাকৈয়ে মোৰ পত্নীক ভোট দিছিল বুলি। এই সমগ্ৰ ঘটনাই এতিয়া তেলেংগানাতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।AdvertismentAdvertisment Read the Next Article