Advertisment

আমি ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলো, আছো আৰু থাকিমঃ ভাস্কো' ডি শইকীয়া

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা কৰিব ৰাইজৰ দলে। সোমবাৰে এই কথা সদৰী কৰে দলটোৰ নেতৃবৰ্গই। 

 Photograph: (DY365)
Photograph: (DY365)

আমি ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলো, আছো আৰু থাকিমঃ ভাস্কো' ডি শইকীয়া

Also Read......মামাৰ মৰম ! ভাগিনক খুলি দিলে হাতৰ ঘড়ী...

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা কৰিব ৰাইজৰ দলে। সোমবাৰে এই কথা সদৰী কৰে দলটোৰ নেতৃবৰ্গই। 

Advertisment


ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সোমবাৰে বিয়লি ৩-০০ বজাত এখনি সংবাদমেল সম্বোধন কৰি ভাস্কো' ডি শইকীয়াই কয়, আমি ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলো, আছো আৰু থাকিম। কিন্তু এইকেইদিন মিত্ৰতাকেন্দ্ৰিক কিছুমান ধূসৰ ছবি অসমবাসী ৰাইজৰ মাজলৈ গৈ আছে। সেয়ে আমি কিছুমান কথা স্পষ্ট কৰি দিয়াৰ বাবে আজিৰ এই সংবাদমেলৰ আয়োজন কৰিছো।

Also Read...শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ!

সংবাদমেলত কয়, ৰাইজৰ দলৰ দলীয় সিদ্ধান্ত অনুসৰি বিগত ৩/৪ দিন দলৰ সভাপতি অখিল গগৈকে ধৰি আমাৰ দলৰ কোনেও মিত্ৰতা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য ৰাজহুৱা অথবা সংবাদ মাধ্যমত দিয়া নাই। কিন্তু আমি দেখিবলৈ পাইছো যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি কৈছে, কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলক এটা ভাল প্ৰস্তাৱ দিয়া হৈছে। কংগ্ৰেছে ৰাইজৰ দলৰ উত্তৰৰ বাবে বাট চাই আছে আৰু মিত্ৰতাৰ বল এতিয়া ৰাইজৰ দলৰ ক’ৰ্টত।

গৌৰৱ গগৈৰ এই বক্তব্য সন্দৰ্ভত ভাস্কো ডি শইকীয়াই স্পষ্ট কৰি দি কয়, গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কোৱা এই ভাল প্ৰস্তাৱটো হৈছে- ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা ৪খন আসনহে পোনপোটীয়াভাৱে ৰাইজৰ দলক দিয়া হৈছে। সেই অনুসৰি আমি প্ৰথমে কংগ্ৰেছ দলৰ নেতৃত্বক এখন ২৭জনীয়া সমষ্টিৰ তালিকা দাখিল কৰিছিলো। পৰৱৰ্তী সময়ত এই তালিকা ২২খনলৈ সীমিত কৰিছিলো। তেতিয়া তেওঁলোকে জনাইছিল যে, ৰাইজৰ দলক ২২খন আসন এৰি দিবলৈ কংগ্ৰেছৰ অসুবিধা হ’ব। তাৰ পাছত ৰাইজৰ দলে কৰ্ণধাৰ সমিতি গঠন কৰি পুনৰ ১৮ জনীয়া তালিকা প্ৰেৰণ কৰি তাৰ পৰা ১৫টা সমষ্টি বিচৰাৰ কথা অৱগত কৰে সংবাদমেলত।

Advertisment

Also Read...‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’ যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰ

এই সন্দৰ্ভত হোৱা আলোচনা মৰ্মে, ১৯ ফেব্ৰুৱাৰীত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই বৈঠকৰ আলোচনা মৰ্মে ৪টা সমষ্টিত পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা আৰু আন ৪টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাইজৰ দলক প্ৰস্তাৱ আগবঢ়াইছিল প্ৰদেশ কংগ্ৰেছে। 

তাৰোপৰি এই ১৮জনীয়া সমষ্টিৰ তালিকাৰ বাহিৰৰ পৰা আন ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছে ৰাইজৰ দলক প্ৰস্তাৱ দিয়াৰ কথা আজিৰ সংবাদমেলত উল্লেখ কৰে।

Advertisment
Advertisment
Advertisment