Assamese এটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকে অসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এজন যুৱকে লৈছে এক বিশেষ পদক্ষেপ। এটা গঁড় লগত লৈ ভাৰতৰ ৬-৭খন ৰাজ্য ভ্ৰমণ কৰিব যুৱকজনে।
Assamese নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সকলোধৰণৰ সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন, বিক্ৰীকে ধৰি আমদানি-ৰপ্তানি বন্ধ কৰিলে চৰকাৰে।
Assamese আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া বিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। বিজেপিৰ টিকটক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।
Assamese ৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইন বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।
Assamese উদুলি-মুদুলি জোনবিলৰ পাৰ, ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন জোনবিল মেলাৰ আজি দ্বিতীয় দিন। জাগীৰোডৰ জোনবিলৰ পাৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। জোনবিলত সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ গৈ আনন্দ-উল্লাস প্ৰতিজনৰ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।
Assamese আঁচনি নাপালে ভোট নিদিও, বিজেপি চৰকাৰৰ বিৰুদ্ধে মহিলাৰ বিদ্ৰোহ বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ মহিলা ওলাই আহিছে ৰাজপথলৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা বঞ্চিত মহিলাৰ বিদ্ৰোহ। নিৰ্বাচনৰ পূৰ্বে মহিলা উদ্যমিতা আঁচনিৰ ধন নাপালে নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ প্ৰতিবাদী মহিলাৰ।
Assamese দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰ গুৱাহাটীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ১০৮ৰ খু্ন্দাত মৃত্যু এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিল।
Assamese সৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনা সৰস্বতী পূজাৰ দিনাই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। শ্ৰীভূমি জিলাৰ বিদ্যানগৰ এলেকাত শোকৰ ছাঁ।
Assamese ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইবাৰো ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মূলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হয়।
Assamese আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পুৱাৰে পৰাই ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত মংগলময় পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধ্বনিত মুখৰিত আকাশ-বতাহ।