Assamese সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ! '২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।
Assamese গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডে অৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে।
Assamese বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ চামগুৰিৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।
Assamese হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো।
Assamese আকাশ চুলে আকাশীযানৰ টিকটে ইণ্ডিগ' বিমানসেৱাক লৈ দেশজুৰি অচলাৱস্থা। ইণ্ডিগ’ৰ বিমান বাতিলৰ ‘অনৈতিক’ সুযোগ লৈছে অন্য বিমান সংস্থাই। বৰ্তমান আকাশলংঘী হৈছে বিমান টিকটৰ মূল্য।
Assamese ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা! ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। লাহৰিজান আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত জব্দ বৃহৎ পৰিমাণৰ বৰবিহ। গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।
Assamese অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম অসমৰ ক্ৰিকেটত সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম। ডিমাহাছাওত নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১৫ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা ACAৰ নতুন ষ্টেডিয়ামখনত।
Assamese কাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড! অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক্সন মুডত বিধায়িকা সুমন হৰিপ্ৰিয়া। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে হাজো প্ৰশাসনে আৰম্ভ কৰিছে চাৰিখনকৈ গ্ৰেজিং ৰিৰ্জাভত তদন্ত। বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া।
Assamese জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।
Assamese ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুকেইজন কেবিনেট মন্ত্ৰীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক জনালে উষ্ম আদৰণি।